SEBA Class 10 Science Chapter 10 Notes: পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ

In this post, we have shared detailed notes on SEBA Class 10 Science Chapter 10 for Assamese-medium students. These notes on Chapter 10 Light: Reflection and Refraction (পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ) of SEBA (ASSEB) SCERT Science textbook will be very helpful for the Assamese Medium students for their HSLC exam. These detailed notes will help students to understand the key concepts related to Reflection and Refraction of Light.

এই postটোত দশম শ্ৰেণীৰ বিজ্ঞানৰ পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ (Light: Reflection and Refraction) পাঠটোৰ টোকা দিয়া হৈছে। এই টোকাটোৱে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে বোজি পোৱাত অতিকৈ সহায় কৰিব। তাৰোপৰি পৰীক্ষাৰ

SEBA (ASSEB) Class 10 Science Chapter 10 Notes in Assamese: পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ (Light: Reflection and Refraction)

The Key concepts that we are going to learn throughout the chapter Light: Reflection and Refraction (পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ) are given below –

  • Reflection of light and properties of reflection of light. (পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিফলনৰ ধৰ্ম)
  • Refraction of Light and its properties. (পোহৰৰ প্ৰতিসৰণ আৰু ইয়াৰ ধৰ্ম)
  • Types of Spherical mirrors: concave and convex (গোলাকাৰ দাপোনৰ প্ৰকাৰ: অৱতল আৰু উত্তল)
  • Types of lens – convex and concave (লেন্সৰ প্ৰকাৰ – উত্তল আৰু অৱতল)
  • Ray Diagrams for image formation by spherical mirrors and lenses (গোলাকাৰ দাপোন আৰু লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ বাবে ৰশ্মি চিত্ৰ।)
  •  Simple calculations
পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ (Light: Reflection and Refraction) Class 10 Science Chapter 10 Notes PDF

The overview of this notes on the Class 10 Science Chapter 10 of SEBA (ASSEB) SCERT textbook are as follows –

Class10
SubjectScience
Medium of NoteAssamese
Name of the Chapterপোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ (Light: Reflection and Refraction)
Education BoardSEBA (ASSEB)

পোহৰ: প্রতিফলন আৰু প্ৰতিসৰণ (Light: Reflection and Refraction)

প্রতিফলন (Reflection):

পোহৰ ৰশ্মি কোনো এক পৃষ্ঠত খুন্দা খাই উভতি যোৱা পৰিঘটনাকেই প্রতিফলন বোলে।

প্রতিফলনৰ সূত্রসমূহ (Laws of Reflectin):

  • (i) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত অৱস্থিত।
  • (ii) আপতন কোণ (∠i) আৰু প্রতিফলন কোণৰ (∠r) মান সদায় সমান।

সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি:

  • (i) প্রতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান।
  • (ii) প্রতিবিম্ব সদায় অসৎ (virtual) আৰু থিয় (erect)।
  • (iii) লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্রতিবিম্বৰ দূৰত্ব সদায় সমান।
  • (iv) প্ৰতিবিম্বটো পাৰ্শ্বীয়ভাৱে ওলোটা (laterally inverted)।

গোলাকাৰ দাপোণ (Spherical Mirrors):

যিবোৰ দাপোণৰ প্রতিফলন পৃষ্ঠভাগ গোলাকাৰ তাকে গোলাকাৰ দাপোণ বোলে। ই দুই প্ৰকাৰৰ— অৱতল আৰু উত্তল।

(i) অৱতল দাপোণ (Concave Mirror): যিবোৰ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ বা ভাঁজ খোৱা, তেনেবোৰ দাপোণক অৱতল দাপোণ বোলে ।

(ii) উত্তল দাপোণ (Convex Mirror): যিবোৰ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ বাহিৰলৈ বক্ৰ , তেনেবোৰ দাপোণক উত্তল দাপোণ বোলে ।

দাপোণৰ লগত সম্পৰ্কিত ধাৰণাসমূহ (Key Terms):

(ক) মেৰু (Pole): গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠৰ কেন্দ্ৰ বিন্দুক মেৰু বোলা হয়। ইয়াক P আখৰেৰে সূচোৱা হয়।

(খ) ভাঁজকেন্দ্ৰ (Centre of Curvature): গোলাকাৰ দাপোণখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ কেন্দ্ৰটোক ভাঁজকেন্দ্ৰ বোলে । ইয়াক C আখৰেৰে সূচোৱা হয় ।

(গ) ভাঁজ ব্যাসাৰ্ধ (Radius of Curvature): মেৰুৰ পৰা ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে। ইয়াক R আখৰেৰে সূচোৱা হয়।

(ঘ) মুখ্য অক্ষ (Principal Axis): দাপোণখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক সৰল ৰেখা ডালকেই মুখ্য অক্ষ বোলে।

(ঙ) মুখ্য ফ’কাছ (Principal Focus): গোলাকাৰ দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ প্রতিফলনৰ পাছত যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় বা ওলাই অহা যেন লাগে, সেই বিন্দুটোক দাপোণখনৰ মুখ্য ফকাছ বোলে । ইয়াক F আখৰেৰে সূচোৱা হয় ।

(চ) ফ’কাছ দৈর্ঘ্য (Focal Length): মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বক ফ’কাছ দৈর্ঘ্য বোলে ।ইয়াক f আখৰেৰে সূচোৱা হয় ।

ভাঁজ ব্যাসাৰ্ধ আৰু ফ’কাছ দৈর্ঘ্যৰ মাজৰ সম্পৰ্ক:

R = 2f বা f = R/2

(ছ) সৎ আৰু অসৎ প্ৰতিবিম্ব (Real and Virtual Image): লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলিত বা প্ৰতিসৰিত হোৱাৰ পিছত এটা বিন্দুত কটাকটি কৰিলে বামিলিত হ’লে, গঠন হোৱা প্ৰতিবিম্বক সৎ প্ৰতিবিম্ব বোলে। এই প্ৰতিবিম্ব সদায় ওলোটা হয় আৰু পৰ্দাত পেলাব পৰা নাযায় ।

আনহাতে, লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত কোনো বিন্দুত প্ৰকৃততে মিলিত নহ’লে, গঠন হোৱা প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বোলে। এই প্ৰতিবিম্ব সদায় থিয় হয় আৰু পৰ্দাত পেলাব পৰা যায় ।

অপবৰ্তন (Diffraction):

পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যায়। ইয়াকে পোহৰৰ অপবর্তন বোলে।


ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোণে গঠন কৰা প্রতিবিম্বৰ উপস্থাপন (Representation of Images formed by Spherical Mirrors using Ray Diagrams):

(i) মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্রতিফলনৰ পিছত অৱতল দাপোণৰ ক্ষেত্ৰত ফ’কাছৰ মাজেদি যায়, বা উত্তল দাপোণৰ ক্ষেত্ৰত ফ’কাছৰ পৰা ওলাই অহা বা অপসাৰী হোৱা যেন লাগে ।

(ii) অৱতল দাপোণৰ ক্ষেত্ৰত ফ’কাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোণৰ ক্ষেত্ৰত ফ’কাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্রতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যাব ।

(iii) অৱতল দাপোণৰ ক্ষেত্রত ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোণৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্রতিফলনৰ পিছত একে পথেদি ঘূৰি আহিব।

পোহৰৰ ৰশ্মি কেইডাল একে পথেদি উভতি আহিব কাৰণ সিহঁত প্রতিফলন পৃষ্ঠত লম্বভাবে আপতিত হৈছে।

(iv) মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ মেৰুলৈ অহা ৰশ্মি অৱতল দাপোণৰ বা উত্তল দাপোণৰ ক্ষেত্রত এনেদৰে হেলনীয়াকৈ প্রতিফলিত হ’ব যাতে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয় ।

অৱতল দাপোণৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন (Image formation by Concave Mirror):

(i) লক্ষ্যবস্তুৰ স্থান: অসীমত

  • প্ৰতিবিম্বৰ স্থান: ফ’কাছত (F ত)
  • প্ৰতিবিম্বৰ আকাৰ: অতি সংকুচিত, বিন্দু আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(ii) লক্ষ্যবস্তুৰ স্থান: অসীম আৰু ভাঁজকেন্দ্ৰৰ মাজত বা Cৰ বাহিৰত

  • প্ৰতিবিম্বৰ স্থান: ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত (F আৰু C ৰ মাজত)
  • প্ৰতিবিম্বৰ আকাৰ: সংকুচিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(iii) লক্ষ্যবস্তুৰ স্থান: ভাঁজকেন্দ্ৰত ( Cত)

  • প্ৰতিবিম্বৰ স্থান: ভাঁজকেন্দ্ৰত (Cত)
  • প্ৰতিবিম্বৰ আকাৰ: একে আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(iv) লক্ষ্যবস্তুৰ স্থান: ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত (C আৰু F ৰ মাজত)

  • প্ৰতিবিম্বৰ স্থান: Cৰ পৰা আঁতৰত (বা ভাঁজকেন্দ্ৰ  আৰু অসীমৰ মাজত)
  • প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(v) লক্ষ্যবস্তুৰ স্থান: ফ’কাছত (F ত)

  • প্ৰতিবিম্বৰ স্থান: অসীমত
  • প্ৰতিবিম্বৰ আকাৰ: অতি বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(vi) লক্ষ্যবস্তুৰ স্থান: মেৰু আৰু ফ’কাছৰ মাজত (P আৰু Fৰ মাজত)

  • প্ৰতিবিম্বৰ স্থান: দাপোণৰ পাছফালে
  • প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

উত্তল দাপোণৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন (Image formation by Convex Mirror):

(i) লক্ষ্যবস্তুৰ স্থান: অসীমত

  • প্ৰতিবিম্বৰ স্থান: ফ’কাছত (F ত), দাপোণৰ পাছফালে
  • প্ৰতিবিম্বৰ আকাৰ: অতি সংকুচিত, বিন্দু আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

(ii) লক্ষ্যবস্তুৰ স্থান: অসীম আৰু মেৰুৰ মাজত

  • প্ৰতিবিম্বৰ স্থান: মেৰু (P) আৰু ফ’কাছ (F)ৰ মাজত, দাপোণৰ পাছফালে
  • প্ৰতিবিম্বৰ আকাৰ: সংকুচিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

অৱতল দাপোণৰ ব্যৱহাৰ (Uses of Concave Mirror):

  • অৱতল দাপোণ সাধাৰণতে টর্চ, চার্চলাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় ।
  • দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।
  • দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্রতিবিম্ব ডাঙৰকৈ প্রত্যক্ষ কৰিবলৈ অৱতল দাপোণ ব্যৱহাৰ কৰে।
  • সৌৰ ভাঁতীত (solar furnace) সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।

উত্তল দাপোণৰ ব্যৱহাৰ (Uses of Convex Mirror):

  • গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।
  • ৰাষ্টাৰ লাইট (বা ষ্ট্ৰীট লাইট) ৰ প্ৰতিফলক হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।

গোলাকাৰ দাপোণৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্রথা (Sign Convention for Reflection by Spherical Mirrors):

নতুন কার্টীয় চিহ্ন প্রথা (New Cartesian sign convention) নামৰ এক চিহ্ন প্রথাৰ জৰিয়তে গোলাকাৰ দাপোণৰ দ্বাৰা পোহৰৰ প্ৰতিফলনৰ গাণিতিক সমস্যাসমূহ সমাধান কৰা হয় । এই প্রথাত দাপোণৰ মেৰুক (P) মূলবিন্দু হিচাপে লোৱা হয়। দাপোণৰ মুখ্য অক্ষক স্থানাংক পদ্ধতিৰ X-অক্ষ (X’X) হিচাপে লোৱা হয়। এই চিহ্নপ্ৰথাৰ নীতি সমূহ তলত দিয়া হ’ল ।

  1. লক্ষ্যবস্তু সদায় দাপোণৰ বাঁওহাতে ৰখা হয়।
  2. মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোণৰ মেৰুৰ পৰা জোখা হয়।
  3. মূলবিন্দুৰ বা মেৰুৰ পৰা সোঁহাতে (+X অক্ষৰ দিশত) জোখা সকলো দূৰত্ব ধণাত্মক আৰু মূলবিন্দুৰ পৰা বাঁওদিশে (-X অক্ষৰ দিশত) জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয়।
  4. মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ (+Y অক্ষৰ দিশত) জোখা সকলো দূৰত্ব ধণাত্মক ধৰা হয় আৰু মুখ্য অক্ষৰ লম্বভাৱে আৰু তললৈ (-Y অক্ষৰ দিশত) জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয়।

দাপোণৰ সূত্ৰ (Mirror Formula):

এখন গোলাকাৰ দাপোণৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব (u), প্ৰতিবিম্বৰ দূৰত্ব (v) আৰু ফ’কাছ দৈৰ্ঘ্য (f) ৰ মাজৰ সম্পৰ্কটো হ’ল –

দাপোণৰ সূত্ৰ (Mirror Formula)

বিবৰ্ধন (Magnification):

গোলাকাৰ দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বৰ আকাৰ (h’) লক্ষ্যবস্তুৰ আকাৰ (h)তকৈ কিমান গুণে ডাঙৰ বা সৰু তাকে সেই দাপোনখনৰ বিবৰ্ধন বোলে ।

বিবৰ্ধন (Magnification):

বিবৰ্ধনৰ লগত লক্ষ্যবস্তুৰ দূৰত্ব (u), প্ৰতিবিম্বৰ দূৰত্ব (v), লক্ষ্যবস্তুৰ উচ্চতা (h) আৰু প্ৰতিবিম্বৰ উচ্চতা (h’) ৰ মাজৰ সম্পৰ্ক

বিবৰ্ধনৰ চিনৰ নিয়ম:

  • বিবর্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্রতিবিম্বটো সৎ হয়।
  • বিবর্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্রতিবিম্বিটো অসৎ হ’ব।

পোহৰৰ প্ৰতিসৰণ (Refraction of Light) : SEBA Class 10 Science Chapter 10 Notes (Assamese Medium

পোহৰৰ প্ৰতিসৰণ (Refraction of Light)

পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰোঁতে ইয়াৰ দিশ আৰু বেগ সলনি হোৱা পৰিঘটনাটোক প্ৰতিসৰণ বোলে।

প্ৰতিসৰণৰ সূত্ৰ (Laws of Refraction):

(i) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দু টনা লম্ব একেখন সমতলত অৱস্থিত।

(ii) আপতন কোণৰ চাইন (Sine) আৰু প্ৰতিসৰণ কোণৰ চাইন (Sine) ৰ অনুপাত এটা ধ্ৰুৱক।         

sin i/sin r = ধ্ৰুৱক

প্ৰতিসৰণাংক (Refractive Index):

কোনো মাধ্যমৰ প্ৰতিসৰণাংক (nm) হ’ল শূণ্যত পোহৰৰ দ্ৰুতি (c) আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ (v) অনুপাত।

প্ৰতিসৰণাংক (Refractive Index)

 পোহৰে ভিন্ন মাধ্যমত ভিন্ন দ্ৰুতিৰে গতি কৰে । শূণ্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ, ইয়াৰ মান 3 × 108 m/s ।

লেন্স (Lens):

লেন্স হ’ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ। লেন্স প্ৰধানকৈ দুই প্ৰকাৰৰ – উত্তল লেন্স আৰু অৱতল লেন্স ।

উত্তল/অভিসাৰী লেন্স (Convex/Converging Lens): যি লেন্সৰ দুয়োখন পৃষ্ঠ বাহিৰলৈ ওফন্দা, তেনে লেন্সক উত্তল লেন্স বা অভিসাৰী লেন্স বোলে।

Diagram: Covex lens diagram

উত্তল লেন্সৰ মুখ্যঅক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিসৰণৰ পাছত মুখ্যঅক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয় । মুখ্যঅক্ষৰ এই বিন্দুটোক মুখ্য ফ’কাছ (Pricipal Focus) বোলে ।

অৱতল/অপসাৰী লেন্স (Concave/Diverging Lens): যি লেন্সৰ দুয়োখন পৃষ্ঠ ভিতৰলৈ সোমোৱা, তেনে লেন্সক অৱতল লেন্স বা অপসাৰী লেন্স বোলে।

Diagram: Cocave lens diagram

অৱতল লেন্সৰ মুখ্যঅক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিসৰণৰ পাছত মুখ্যঅক্ষৰ এটা বিন্দুৰ পৰা অভিসাৰী হোৱা যেন লাগে । মুখ্যঅক্ষৰ এই বিন্দুটোক অৱতল লেন্সৰ মুখ্য ফ’কাছ (Pricipal Focus) বোলে ।

টোকা: – SEBA Class 10 Science Chapter 10

* আলোক কেন্দ্ৰ (Optical Centre): লেন্সৰ মুখ্য অক্ষত থকা যিটো বিন্দুৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ গ’লে তাৰ কোনো বিচ্যুতি নোহোৱাকৈ পোনপটিয়াকৈ ওলাই যায়, সেই বিন্দুটোক লেন্সখনৰ আলোককেন্দ্ৰ বোলে। ইয়াক সাধাৰণতে ‘O’ আখৰেৰে সূচোৱা হয়।

* গৱাক্ষ ছিদ্ৰ (Aperture): লেন্সৰ যিটো বৃত্তাকাৰ অংশৰ মাজেৰে পোহৰ প্ৰৱেশ কৰিব পাৰে, সেই অংশৰ ব্যাসকে লেন্সখনৰ গৱাক্ষ ছিদ্ৰ বোলা হয়।

ৰশ্মিৰ সহায়ত গোলাকাৰ লেন্সে গঠন কৰা প্রতিবিম্বৰ উপস্থাপন (Representation of Images formed by Spherical Lens using Ray Diagrams):

(i) মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিসৰণৰ পিছত উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য ফ’কাছৰ মাজেদি যায়, বা অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফ’কাছৰ পৰা ওলাই অহা বা অপসাৰী হোৱা যেন লাগে ।

(ii) উত্তল লেন্সৰ ক্ষেত্ৰত ফ’কাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই আহিব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ফ’কাছত লগ হ’বলৈ যোৱা যেন লগা পোহৰ ৰশ্মি এডাল প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই আহিব।

(iii) উত্তল লেন্স বা অৱতল লেন্সৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ নির্গত হ’ব।

উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন (Image formation by Convex Lens):

(i) লক্ষ্যবস্তুৰ স্থান: অসীমত

  • প্ৰতিবিম্বৰ স্থান: মুখ্য ফ’কাছত (F2 ত)
  • প্ৰতিবিম্বৰ আকাৰ: অতি সংকুচিত, বিন্দু আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(ii) লক্ষ্যবস্তুৰ স্থান: অসীম আৰু 2F1 (বা C1) ৰ মাজত

  • প্ৰতিবিম্বৰ স্থান: F2 আৰু 2F2 (বা C2) ৰ মাজত  
  • প্ৰতিবিম্বৰ আকাৰ: সংকুচিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(iii) লক্ষ্যবস্তুৰ স্থান: 2F1 ত (বা C1 ত)

  • প্ৰতিবিম্বৰ স্থান: 2F2ত (বা C2 ত)
  • প্ৰতিবিম্বৰ আকাৰ: একে আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(iv) লক্ষ্যবস্তুৰ স্থান: F1 আৰু 2F1 (বা C1) ৰ মাজত

  • প্ৰতিবিম্বৰ স্থান: 2F2 ৰ পৰা আঁতৰত
  • প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(v) লক্ষ্যবস্তুৰ স্থান: F1

  • প্ৰতিবিম্বৰ স্থান: অসীমত
  • প্ৰতিবিম্বৰ আকাৰ: অতি বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: সৎ আৰু ওলোটা

(vi) লক্ষ্যবস্তুৰ স্থান: মুখ্য ফ’কাছ (F1) আৰু আলোককেন্দ্ৰ (O)ৰ মাজত

  • প্ৰতিবিম্বৰ স্থান: লক্ষ্যবস্তুৰ সৈতে লেন্সৰ একেফালে
  • প্ৰতিবিম্বৰ আকাৰ: বিবৰ্ধিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

অৱতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন (Image formation by Concave Lens):

(i) লক্ষ্যবস্তুৰ স্থান: অসীমত

  • প্ৰতিবিম্বৰ স্থান: মুখ্য ফ’কাছ (F1) ত
  • প্ৰতিবিম্বৰ আকাৰ: অতি সংকুচিত, বিন্দু আকাৰৰ
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

(ii) লক্ষ্যবস্তুৰ স্থান: অসীম আৰু আলোককেন্দ্ৰ (O) ৰ মাজত

  • প্ৰতিবিম্বৰ স্থান: F1 আৰু আলোককেন্দ্ৰ (O) ৰ মাজত
  • প্ৰতিবিম্বৰ আকাৰ: সংকুচিত
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়

গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণৰ বাবে চিহ্ন প্রথা (Sign Convention for Refraction by Spherical Lens):

গোলাকাৰ দাপোণৰ দৰেই গোলাকাৰ লেন্সটো কাৰ্টীয় চিহ্নপ্ৰথা ব্যৱহাৰ হয় । এই ক্ষেত্ৰত মেৰুৰ সলনি আলোককেন্দ্ৰ (O) ক মূলবিন্দু হিচাপে লোৱা হয় । আলোককেন্দ্ৰৰ পৰাই লক্ষ্যবস্তুৰ দূৰত্ব (u), প্ৰতিবিম্বৰ দূৰত্ব (v), ফ’কাছ দৈৰ্ঘ্য (f) আৰু ভাঁজ ব্যাসাৰ্ধ (R) জোখা হয় ।

  • উত্তল লেন্সৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য (f) সদায় ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য (f) সদায় ঋণাত্মক হয় ।
  • লক্ষ্যবস্তুৰ দূৰত্ব (u) সদায় ঋণাত্মক হয় ।
  • প্ৰতিবিম্বৰ দূৰত্ব (v) নিৰ্ভৰ কৰে প্ৰতিবিম্বটো লেন্সৰ কোন দিশে অৱস্থিত । যদিহে ই লক্ষ্যবস্তুৰ একেদিশে থাকে তেন্তে প্ৰতিবিম্বৰ দূৰত্ব (v) ঋণাত্মক হ’ব যদিহে ই লক্ষ্যবস্তুৰ বিপৰীত দিশে থাকে প্ৰতিবিম্বৰ দূৰত্ব (v) ধনাত্মক হ’ব ।
  • লক্ষ্যবস্তুৰ উচ্চতা (h) সদায় ধনাত্মক হয় ।প্ৰতিবিম্বৰ উচ্চতা (h’) নিৰ্ভৰ কৰে প্ৰতিবিম্বটো লেন্সৰ মুখ্য অক্ষৰ ওপৰফালে নে তলফালে আছে তাৰ ওপৰত । যদিহে প্ৰতিবিম্বটো মুখ্য অক্ষৰ ওপৰফালে থাকে (বা প্ৰতিবিম্বটো অসৎ আৰু থিয় হয়) তেন্তে  প্ৰতিবিম্বৰ উচ্চতা (h’) ধনাত্মক হ’ব আৰু যদিহে প্ৰতিবিম্বটো মুখ্য অক্ষৰ তলৰফালে থাকে (বা প্ৰতিবিম্বটো সৎ আৰু ওলোটা হয়) তেন্তে প্ৰতিবিম্বৰ উচ্চতা (h’) ঋণাত্মক হ’ব ।

লেন্সৰ সূত্ৰ (Lens Formula):

লেন্সৰ সূত্ৰ (Lens Formula)

য’ত,    v = প্ৰতিবিম্বৰ দূৰত্ব,

u = লক্ষ্যবস্তুৰ দূৰত্ব,

f = ফ’কাছ দৈৰ্ঘ্য ।

বিবৰ্ধন (Magnification):

বিবৰ্ধন (Magnification)

বা

লেন্সৰ ক্ষমতা (Power of Lens)

লেন্স এখনৰ ক্ষমতা হ’ল ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাত।

লেন্সৰ ক্ষমতা (Power of Lens)

ইয়াৰ SI একক – ডায়’প্টাৰ (D)। উত্তল লেন্সৰ ক্ষমতা ধনাত্মক (+) আৰু অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক (-)।

1 ডায়’প্টাৰ (1 D): এক মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ।

1 ডায়'প্টাৰ (1 D): এক মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা 1 ডায়'প্টাৰ ।

Leave a Comment