SEBA (ASSEB) Class 10 Science Chapter 1 Chemical Reactions and Equations (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ) MCQs are given here to help the students for their HSCL final exam. As per the change in exam pattern, SEBA (ASSEB) has now introduced 45 questions in MCQs. So we have prepared a set of MCQs for the SEBA Class 10 Assamese medium students. These MCQs from the chapter Chemical Reaction and Equation of Science SCERT textbook are prepared according to the latest question pattern of the SEBA HSLC Class 10 final exam.

ইয়াত দশম শ্ৰেণীৰ বিজ্ঞানৰ “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” পাঠটোৰ কিছুমান অতি গুৰুত্বপূৰ্ণ বহু বিকল্পীয় প্ৰশ্ন (MCQ) দিয়া হৈছে। এই বহু বিকল্পীয় প্ৰশ্ন বোৰ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সহায় হোৱাকৈ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই প্ৰশ্ন সমূহে তোমালোকক বহু বিকল্প প্ৰশ্ন সমাধান কৰাৰ অভ্যাস গঢ়ি তোলাত সহায় কৰিব।
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ MCQs | SEBA (ASSEB) Class 10 Science Chapter 1 MCQs for Assamese Medium
These MCQs will help the students to understand and revisit the concept of the chapter Chemical Reactions and Equations. Also MCQs are strictly prepared according to latest question pattern of SEBA (ASSEB) board which will help the Assamese Medium students to score maximum marks in their Science HSLC exams. Overview of the MCQs are given below –
| Subject | Science (বিজ্ঞান) |
| Class | 10 (দশম) |
| Chapter Name | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations) |
| Education Board | SEBA (ASSEB) |
| Questions Pattern | MCQs |
| Total MCQs | 50 |
Types of MCQs given for the chapter Chemical Reactions and Equations are –
- Simple MCQs
- Assertion and Reasoning Based (উক্তি অৰু যুক্তি)
- Multi-Select MCQs
তোমালোকৰ বাবে ৰাসায়নিক বিক্ৰিয়া আৰু সমীৰকণ পাঠটোৰ পৰা বহু কেইটা উক্তি-যুক্তি মূলক MCQs দিয়া হৈছে। যিহেতু উক্তি-যুক্তি ধৰণৰ প্ৰশ্ন বিলাক অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰায়েই পৰীক্ষাত আহে।
Part I: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations) এম চি কিউ | Simple MCQs, Assertion-Reason (উক্তি-যুক্তি), Multi-Select Type
MCQ 1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে —
(a) মলি আঁতৰাবলৈ
(b) ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ
(c) ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ
(d) ইয়াৰ পৃষ্ঠৰ হাইড্রক্সাইডৰ তৰপটো আঁতৰাবলৈ
MCQ 2. তলৰ কোনটো সূৰ্যৰ পোহৰৰ দ্বাৰা বিযোজিত কৰিব পাৰি
(a) NaCl
(b) KCl
(c) AgCl
(d) Pb (NO₂)3
MCQ 3. Fe + H₂O → Fe₂O₃ + H₂
উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা H₂O অণুৰ প্ৰয়োজন?
(a) 1
(b) 2
(c) 3
(d) 4
MCQ 4. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO + C → 2Pb + CO2
- (i) লেড বিজাৰিত হৈছে
- (ii) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে
- (iii) কাৰ্বন জাৰিত হৈছে
- (iv) লেড অক্সাইড বিজাৰিত হৈছে
(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (i), (ii) আৰু (iii)
(d) সকলো
MCQ 5. উক্তি (A): আলুৰ চিপছৰ পেকেটবোৰত অক্সিজেন গেছ আঁতৰাই নাইট্ৰ’জেন গেছ ভৰাই চিল (Seal) কৰা হয়।
যুক্তি(R) : নাইট্ৰ’জেন এবিধ সক্ৰিয় গেছ যিয়ে চিপছবোৰক সোনকালে জাৰিত হ’বলৈ সহায় কৰে।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
MCQ 6. ৰাসায়নিক বিক্রিয়া এটা সম্পন্ন হওঁতে ভৰৰ কি পৰিৱৰ্তন হয়?
(a) একেই থাকে
(b) হ্রাস হয়
(c) বৃদ্ধি হয়
(d) অনুমান কৰিব নোৱাৰি
MCQ 7. তলৰ কোনটো ৰাসায়নিক পৰিবৰ্তন নহয়?
(a) পানীৰ বাষ্পীকৰণ
(b) শৰীৰত খাদ্যৰ হজম
(c) খাদ্যৰ প্ৰস্তুতিকৰণ
(d) মমৰ দহন
MCQ 8. এজন ছাত্রই জানিব পাৰিলে যে খাদ্য কোম্পানীয়ে ছিপছৰ পেকেটত নাইট্র’জেন গেছ ভৰাই দিয়ে। কি উদ্দেশ্যৰে নাইট্ৰ’জেনৰ পেকেটিং কৰে?
(a) ই ছিপছৰ দুৰ্গন্ধতা ৰোধ কৰে
(b) ই পোক পৰুৱাক ছিপছৰ পৰা আঁতৰাই ৰাখে
(c) পেকেটটো পানীত পৰিলে ই ছিপছবোৰ শুকান কৰি ৰাখে
(d) পেকেটটো খুলিলে ছিপছবোৰ পৰি যোৱাত বাধা দিয়ে
MCQ 9. যেতিয়া মেগনেছিয়ামক বায়ুৰ উপস্থিতিত জ্বলিবলৈ দিয়াত মেগনেছিয়াম অক্সাইড গঠন হয়। উক্ত ৰাসায়নিক বিক্রিয়াটো হ’ল
2Mg + O₂→ 2MgO
তলৰ কোনটো উক্তি মেগনেছিয়া আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াৰ বাবে সত্য?
(a) এইটো এটা বিযোজন বিক্রিয়া
(b) মেগনেছিয়াম, মেগনেছিয়াম অক্সাইডলৈ জাৰিত হয়।
(c) অক্সিজেন মেগনেছিয়াম অক্সাইডলৈ বিজাৰিত হয়।
(d) ই এটা অপসৰণ বিক্ৰিয়াৰ উদাহৰণ।
MCQ 10. ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদার্থ দুটা ক্রমে –
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO
MCQ 11. বেৰিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হ’ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ’ব?
(a) BaCl (aq) + NaSO4 (aq) → BaSO4 (s) + 2NaCl(aq)
(b) BaCl₂ (s) + Na₂SO₄(s) → BaSO₄ (s) (↓) + 2NaCl (aq)
(c) BaCl₂ (aq) + Na₂SO₄ (aq) → BaSO₄ (s) (↓) + 2NaCl (aq)
(d) BaCl2 (aq) + Na₂SO₄ (aq) → BaSO4 (g) + NaCl (aq)
MCQ 12. X + YSO₄ → XSO₄ + Y ওপৰৰ প্ৰতিস্থাপন বিক্ৰিয়াটোৰ বাবে সঠিক X আৰু Y ৰ যোৰটো হৈছে-
(a) X=Fe, Y=Zn
(b) X=Pb, Y=Zn
(c) X=Cu, Y=Fe
(d) X=Mg, Y=Fe
MCQ 13. কপাৰ ছালফেট দ্রৱত যিংকৰ টুকুৰা পেলাই দিলে যিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ–
(a) অপসৰণ
(b) অধঃক্ষেপন
(c) দ্বিঅপসৰণ
(d) সংযোজন
MCQ 14. X ধাতুৱে Y ধাতুক তাৰ যৌগৰ পৰা অপসাৰিত কৰে। X যদি Zn হয়, তেন্তে Y কি হ’ব পাৰে?
(i) Mg
(ii) Cu
(iii) Al
(iv) Na
MCQ 15. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব নোৱাৰে—
(a) Fe
(b) Zn
(c) Pb
(d) Hg
MCQ 16. বনস্পতিজাত দ্ৰৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনো এটা –
(a) তাপগ্ৰাহী বিক্ৰিয়া
(b) তাপবৰ্জী বিক্ৰিয়া
(c) অপসৰণ বিক্ৰিয়া
(d) বিযোজন বিক্ৰিয়া
MCQ 17. এটা মৌল X ক জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহিবলৈ দিয়াত ৰঙচুৱা মুগা বৰণৰ পদাৰ্থ Y উৎপন্ন হয়। X আৰু Y পদার্থ দুটা হ’ল-
(a) X = Ag, Y = Ag₂S
(b) X = Fe, Y = Fe₂O3
(c) X = Mg, Y = MgO
(d) X = C, Y = CO₂
MCQ 18. pAl2(SO4)3 + qNaOH → rAl(OH)3 + sNa₂SO₄ ওপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সমতুল কৰিলে p, q, r আৰু s ৰ মানসমূহ হ’ল-
(a) 1, 6, 2, 3
(b) 2, 3, 1, 2
(c) 1, 6, 3, 2
(d) 1, 3, 6, 2
MCQ 19. তলত দিয়া বিক্রিয়াটো ৰ এটা উদাহৰণ
ZnO + C → Zn + CO
- অপসৰণ বিক্রিয়া
- (ii) সংযোজন বিক্রিয়া
- (iii) ৰেডক্স বিক্রিয়া
- (iv) প্রশমন বিক্রিয়া
(a) (i) আৰু (iv)
(b) (ii) আৰু (iii)
(c) (i) আৰু (iii)
(d) (iii) আৰু (iv)
MCQ 20. নিম্নোক্ত বিক্ৰিয়াটোত কোনটো সত্য?
MnO2 + 4HCl → MnCl2 + 2H2O+ Cl2
- HCl, H2O লৈ জাৰিত হৈছে৷
- MnO2, MnCl2 লৈ বিজাৰিত হৈছে।
- HCl বিজাৰিত হৈ Cl2 উৎপন্ন হৈছে।
- HCl জাৰিত হৈ Cl2 উৎপন্ন হৈছে।
(a) (i) আৰু (ii) উভয়ে
(b) কেৱল (ii), (iii) আৰু (iv)
(c) (iii) আৰু (iv) উভয়ে
(d) কেৱল (i)
MCQ 21. উক্তি (A): যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে ঘটে, তাক ৰেডক্স (Redox) বিক্ৰিয়া বোলে।
যুক্তি(R) : মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰাটো এটা সংযোজন বিক্ৰিয়া ।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
MCQ 22. উক্তি (A): যেতিয়া এটা কপাৰ ছালফেটৰ দ্ৰৱত লোৰ গজাল এটা ডুবাই ৰখা হয়, তেতিয়া দ্ৰৱটোৰ নীলা ৰংটো শেঁতা পৰি সেউজীয়া হৈ পৰে।
যুক্তি(R) : কপাৰতকৈ আইৰণ (লো) কম সক্ৰিয় ধাতু, সেয়েহে ই কপাৰক অপসাৰণ কৰিব নোৱাৰে।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
MCQ 23. উক্তি (A): কেলচিয়াম কাৰ্বনেটক উত্তপ্ত কৰিলে কেলচিয়াম অক্সাইড আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়। এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ।
যুক্তি(R) : যি বিক্ৰিয়াত এটা বিক্ৰিয়ক ভাঙি দুই বা ততোধিক সৰল পদাৰ্থ উৎপন্ন হয়, তাক অপসৰণ বিক্ৰিয়া বোলে।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A আৰু R দুয়োটাই অসত্য।
MCQ 24. উক্তি (A): ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিলে এটা বগা ৰঙৰ অধঃক্ষেপ উৎপন্ন হয়।
যুক্তি(R) : এই বিক্ৰিয়াত পানীত অদ্ৰৱণীয় বেৰিয়াম ছালফেট (BaSO4) উৎপন্ন হয়।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
MCQ 25. উক্তি (A): গছৰ শুকান পাত বা আৱৰ্জনা পচি সাৰলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো এটা তাপগ্ৰাহী বিক্ৰিয়া।
যুক্তি(R) : জৈৱ পদাৰ্থৰ অপঘটন ঘটিলে শক্তি বা তাপ মুক্ত হয়।
(a) A আৰু R দুয়োটাই সত্য, আৰু R হৈছে Aৰ শুদ্ধ ব্যাখ্যা।
(b) A আৰু R দুয়োটাই সত্য কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) A সত্য কিন্তু R অসত্য।
(d) A অসত্য কিন্তু R সত্য।
MCQs Answer Key – SEBA Class 10 Chapter 1 MCQs (উত্তৰমালা)
| প্ৰশ্ন (MCQ) | উত্তৰ |
| 1 | C |
| 2 | C |
| 3 | C |
| 4 | A |
| 5 | C |
| 6 | A |
| 7 | A |
| 8 | A |
| 9 | B |
| 10 | D |
| 11 | C |
| 12 | D |
| 13 | A |
| 14 | B |
| 15 | D |
| 16 | B |
| 17 | B |
| 18 | A |
| 19 | C |
| 20 | A |
| 21 | B |
| 22 | C |
| 23 | D |
| 24 | A |
| 25 | D |