SEBA Class 8 Science Chapter 3 Notes – কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

SEBA (ASSEB) Class 8 Science Chapter 3 Notes for Assamese medium students. The notes is prepared for the chapter 3 Synthetic Fibres and Plastic (কৃত্ৰিম আঁহ আৰু প্লাষ্টিক) of SCERT Science textbook of Assam Education Board. These notes are prepared based on the newly published textbook by SEBA (ASSEB) for Assamese Medium students. These short and simple notes on Class 8 Science Chapter 3 will help the students to revise their concepts with concise notes for their examination.

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক (Synthetic Fibres and Plastic) – Class 8 Science Chapter 3 Assamese Medium Notes | SEBA (ASSEB)

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ কৃত্ৰিম আঁহ আৰু প্লাষ্টিক (Synthetic Fibres and Plastic) পাঠটোৰ টোকা দিয়া হৈছে। পাঠটো নতুনকৈ প্ৰকাশ হোৱা বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা লোৱা হৈছে। এই টোকাটোৱে তোমালোকক কৃত্ৰিম আঁহ আৰু প্লাষ্টিক পাঠটোৰ বিষয়বস্তু সমূহ সহজ ভাষাত বুজিবলৈ সহায় কৰিব। লগতে পৰীক্ষা প্ৰস্তুতি চলাবলৈও অতি সহায় কৰিব।

Class8 (অষ্টম)
SubjectScience (বিজ্ঞান)
MediumAssamese (অসমীয়া মাধ্যম)
Chapter Nameকৃত্ৰিম আঁহ আৰু প্লাষ্টিক (Synthetic Fibres and Plastic)
Education BoardSEBA (ASSEB)

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক (Synthetic Fibres and Plastic)

আঁহ (Fibre):

আঁহ হৈছে সাধাৰণতে দীঘলীয়া আৰু পাতল সূতাৰ দৰে এক প্ৰকাৰৰ পদাৰ্থ। এইবোৰ প্ৰাকৃতিকভাৱে পোৱা যায় বা কৃত্ৰিমভাৱেও তৈয়াৰ কৰিব পাৰি।

আঁহৰ প্ৰকাৰ (Types of Fibres)

(i) প্ৰাকৃতিক আঁহ (Natural Fibres): যিবোৰ আঁহ প্ৰকৃতিৰ পৰা, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়, সেইবোৰক প্ৰাকৃতিক আঁহ বোলে।

যেনে- কপাহ, মৰাপাট, উল, পাট আদি।

(ii) সাংশ্লেষিক বা কৃত্ৰিম আঁহ (Synthetic Fibres): মানুহে ৰাসায়নিক পদাৰ্থৰ সহায়ত কাৰখানাত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা আঁহবোৰক সাংশ্লেষিক আঁহ বোলে।

যেনে- ৰেয়ন, নাইলন, পলিষ্টাৰ আদি।

পলিমাৰ বা বহুযোগী (Polymer)

সাংশ্লেষিক আঁহবোৰ সৰু সৰু গোট (ৰাসায়নিক দ্ৰব্য) লগ লাগি গঠন হোৱা একোটা ডাঙৰ গোট। এনে ডাঙৰ গোটবোৰক পলিমাৰ বোলে। ‘পলি’ (Poly) মানে ‘বহুতো’ আৰু ‘মাৰ’ (mer) মানে ‘গোট’ বা ‘অংশ’। গতিকে পলিমাৰ হৈছে বহুতো সৰু সৰু গোটৰ সমষ্টি।

সাংশ্লেষিক আঁহৰ প্ৰকাৰ (Types of Synthetic Fibres)

(i) ৰেয়ন (Rayon):

  • ইয়াক কৃত্ৰিম পাট (Artificial Silk) বুলিও কোৱা হয়।
  • ইয়াক প্ৰাকৃতিক উৎস ‘কাঠৰ মণ্ড’ (Wood pulp)-ৰ ওপৰত ৰাসায়নিক ক্ৰিয়া কৰি প্ৰস্তুত কৰা হয়।
  • ইয়াক কপাহৰ লগত মিহলাই বিচনা চাদৰ আৰু উলৰ লগত মিহলাই দলিচা (Carpet) বনোৱা হয়।

(ii) নাইলন (Nylon):

  • ই হৈছে মানুহে সাজি উলিওৱা প্ৰথমটো সম্পূৰ্ণ সাংশ্লেষিক আঁহ ।
  • 1931 চনত পোনপ্ৰথমে এই আঁহ আৱিষ্কাৰ কৰিছিল।
  • ইয়াক প্ৰস্তুত কৰিবলৈ কোনো উদ্ভিদ বা প্ৰাণীৰ কেঁচামাল ব্যৱহাৰ কৰা হোৱা নাছিল। ইয়াক কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হৈছিল।
  • বৈশিষ্ট্য: নাইলনৰ আঁহ বৰ টান, স্থিতিস্থাপক (elastic) আৰু পাতল। ই সহজে ধুব পৰা আৰু জিলিকি থকা বিধৰ। এডাল নাইলনৰ সূতা এডাল ষ্টীলৰ তাঁৰতকৈও বেছি টান।
  •  ব্যৱহাৰ: পেৰাচুট, পাহাৰ বগোৱা ৰছী, মোজা, তম্বু, দাঁত ঘঁহা ব্ৰাছ, গাড়ীৰ ছিটৰ বেল্ট আদি বনাবলৈ।

(iii) পলিষ্টাৰ (Polyester):

  • এই আঁহৰ পৰা বনোৱা কাপোৰ সহজে কোঁচ নাখায় আৰু ইয়াৰ ইস্ত্ৰি সহজে নষ্ট নহয়।
  • টেৰিলিন (Terylene) হৈছে এবিধ জনপ্ৰিয় পলিষ্টাৰ।
  • PET (Polyethylene terephthalate): এবিধ অতি চিনাকি পলিষ্টাৰ, যাক বটল, বাচন-বৰ্তন, ফিল্ম আৰু তাঁৰ বনাবলৈ ব্যৱহাৰ কৰা হয়।

(iv) এক্ৰাইলিক (Acrylic):

  • শীতকালত ব্যৱহাৰ কৰা চুৱেটাৰ, শ্বাল বা কম্বল আদি প্ৰাকৃতিক ঊণৰ পৰিৱৰ্তে এক্ৰাইলিক নামৰ সাংশ্লেষিক আঁহেৰে বনোৱা হয়।
  • ই প্ৰাকৃতিক ঊণতকৈ সস্তীয়া আৰু বেছি দিনলৈ টিকে।

সাংশ্লেষিক আঁহৰ সুবিধা (Merits of Synthetic Fibers)

  • এই আঁহেৰে তৈয়াৰী সামগ্ৰীবোৰ সস্তীয়া ।
  • এই আঁহ বেছি দিন টিকে ।
  • ইয়াৰ দ্বাৰা তৈয়াৰী কাপোৰ সহজে শুকাই ।
  • এইবোৰ সহজে উপলব্ধ ।
  •  ইয়াৰ চোৱা-চিতা কৰা সহজ।

সাংশ্লেষিক আঁহৰ  অসুবিধা (Demerits of Synthetic Fibers):

গৰম পালে সাংশ্লেষিক আঁহ গলি যায়। সেয়েহে জুই লাগিলে ইয়াৰ পৰা বনোৱা কাপোৰ পিন্ধা মানুহজনৰ গাত আঠা লাগি ধৰে, যিটো অতি মাৰাত্মক হ’ব পাৰে। সেয়ে পাকঘৰত বা পৰীক্ষাগাৰত কাম কৰোঁতে এনে কাপোৰ পিন্ধিব নালাগে।

প্লাষ্টিক (Plastics)

প্লাষ্টিক হৈছে সাংশ্লেষিক আঁহৰ দৰেই এবিধ পলিমাৰ।

প্লাষ্টিকৰ প্ৰকাৰ (Types of Plastics):

1. থাৰ্মপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক (Thermoplastics):

  • যিবোৰ প্লাষ্টিক গৰম কৰিলে সহজে বিকৃত হৈ যায় আৰু সহজে ভাঁজ কৰিব পাৰি, তেনে প্লাষ্টিকক থাৰ্ম’প্লাষ্টিক বোলে।
  • উদাহৰণ: পলিথিন (Polythene) আৰু পি.ভি.চি. (PVC)।
  • ব্যৱহাৰ: পুতলা, ফণী আৰু বিভিন্ন ধৰণৰ পাত্ৰ বনাবলৈ থাৰ্ম’প্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক ব্যৱহাৰ কৰা হয়।

2. থাৰ্মছেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক (Thermosetting plastics):

  • যিবোৰ প্লাষ্টিকক এবাৰ আকাৰ দিয়াৰ পাছত পুনৰ তপতালেও আকাৰ দিব নোৱাৰি, তেনে প্লাষ্টিকক  থাৰ্ম’ছেটিং প্লাষ্টিক বা তাপ দৃঢ় প্লাষ্টিক বোলে।
  • উদাহৰণ: বেকেলাইট (Bakelite) আৰু মেলামাইন (Melamine)।
  • বেকেলাইটৰ ব্যৱহাৰ: ই তাপ আৰু বিদ্যুৎৰ কু-পৰিবাহী। সেয়ে বৈদ্যুতিক চুইছ, বাচনৰ নাল আদি বনাবলৈ ব্যৱহাৰ কৰা হয়।
  • মেলামাইনৰ ব্যৱহাৰ: ই জুই প্ৰতিৰোধী। ইয়াক পাকঘৰৰ বাচন আৰু জুই নধৰা কাপোৰ বনাবলৈ ব্যৱহাৰ কৰা হয়।

প্লাষ্টিকৰ বৈশিষ্ট্য (Characteristics of Plastics)

  • প্লাষ্টিকে সহজতে পানী আৰু বায়ুৰ সৈতে বিক্ৰিয়া নকৰে আৰু মামৰ নধৰে।
  • প্লাষ্টিক বিদ্যুৎ আৰু তাপৰ কু-পৰিবাহী । সেয়েহে বৈদ্যুতিক তাঁৰৰ আৱৰণ আৰু ৰন্ধা বাচনৰ নাল প্লাষ্টিকৰ সহায়ত বনোৱা হয়।
  • প্লাষ্টিকবোৰ সাধাৰণতে পাতল, টান আৰু দীৰ্ঘম্যাদী ।
  • প্লাষ্টিকক যিকোনো আকাৰ দিব পাৰি ।
  • ধাতুৰ তুলনাত প্লাষ্টিক সস্তীয়া।

জৈৱ পচনশীল বা জীৱ নিম্নীকৰণযোগ্য (Biodegradable) আৰু জৈৱ অপচনশীল বা জীৱ অনিম্নীকৰণযোগ্য (Non-Biodegradable) পদাৰ্থ:

যিবোৰ পদাৰ্থ প্ৰাকৃতিক প্ৰক্ৰিয়া যেনে- বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা সহজে পচি যায়, সেইবোৰ পদাৰ্থক জৈৱ পচনশীল বা জীৱ নিম্নীকৰণযোগ্য পদাৰ্থ বোলে ।

 যেনে- পেলনীয়া শাক-পাচলি, কাগজ, কপাহী কাপোৰ আদি।

যিবোৰ পদাৰ্থ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়, সেইবোৰ পদাৰ্থক জৈৱ অপচনশীল বা জীৱ অনিম্নীকৰণযোগ্য পদাৰ্থ বোলে।

যেনে- প্লাষ্টিক, টিন, এলুমিনিয়ামৰ টেমা।

প্লাষ্টিকৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ

প্লাষ্টিক জৈৱ অপচনশীল হোৱা বাবে ই পৰিৱেশ প্ৰদূষণৰ এক প্ৰধান কাৰণ। প্লাষ্টিক পুৰিলে বিষাক্ত গেছ নিৰ্গত হয়, যিয়ে বায়ু প্ৰদূষণ কৰে। মাটিত পোত খালে ই পানী সৰকি যোৱাত বাধা দিয়ে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। জীৱ জন্তুৱে প্লাষ্টিক ভক্ষণ কৰিলে মৃত্যু মুখত পৰিব পাৰে ।

4R নীতি:

1. Reduce (হ্ৰাস কৰা): প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা।

2. Reuse (পুনৰ ব্যৱহাৰ কৰা): একেটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰা।

3. Recycle (পুনৰাবৰ্তন কৰা): পেলনীয়া প্লাষ্টিক গলাই নতুন বস্তু তৈয়াৰ কৰা।

4. Recover (উদ্ধাৰ কৰা): পেলনীয়া সামগ্ৰীৰ পৰা শক্তি বা দৰকাৰী সম্পদ উদ্ধাৰ কৰা।

4R নীতি - 4R in Assamese
4R নীতি

Leave a Comment