This is a list of one-word substitutions for Assamese sentences. This list contains more than 120 sentences that have been reduced to a single word in Assamese. The list of one-word substitutions will be very helpful to Assamese-medium students as well as English-medium students in their Assamese grammar. This is called “At Shabdat Prakash Kora” in Assamese.

ইয়াত অসমীয়া ভষাৰ ১২০+ কৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হৈছে। তলত দিয়া বাক্য বোৰক সুন্দৰকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ তালিকা আকাৰত এটা শব্দত প্ৰকাশ কৰি দিয়া হৈছে।
এটা শব্দত প্ৰকাশ কৰা তালিকা | One Word Substitution in Assamese For HSLC, HS
ইয়াত দিয়া এটা শব্দত প্ৰকাশ কৰা তালিকাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযোগী হ’ব। বিষেককৈ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে SEBA HSLC আৰু AHSEC পৰীক্ষা কাৰণে বহু উপযোগী হ’ব। These one words substitution in Assamese will be very helpful students of class 10 and 12 for their HSLC and AHSEC examination respectively.
এটা শব্দত প্ৰকাশ কৰা তালিকা
কৰিবলগীয়া কাম – কৰ্তব্য।
ষাক সহজে লাভ কৰা যায় – সুলভ।
ষাক পাবলৈ টান – দুৰ্লভ, দুষ্প্ৰাপ্য।
যাৰ পুত্ৰ নাই – অপুত্ৰক।
যি সংকল্প কৰিছে – কৃতসংকল্প।
ধি অনাই-বনাই ঘূৰি ফুৰে – যাযাবৰ, অঘৰী।
যাৰ মূৰত চুলি নাই – তপামূৰা।
যি কোনো পক্ষ নলয় – নিৰপেক্ষ।
বি মৰোঁ মৰোঁ অৱস্থাত আছে – মুমূৰ্ষু।
যাৰ পূৰ্ব জন্মৰ কথা মনত আছে – জাতিস্মৰ
যি সমাপ্ত হোৱা নাই – অসমাপ্ত।
যি ৰণত মতলীয়া – ৰণমত্ত।
য’লৈ যোৱা টান –দু ৰ্গম।
যি কণীৰপৰা জন্মে – অণ্ডজ।
যি বিষ্ণুক পূজা কৰে – বৈষ্ণৱ।
যি শিৱক পূজা কৰে – শৈৱ।
যি শক্তিক পূজা কৰে – শাক্ত।
(কথা) কোৱাৰ যি ইচ্ছা – বিবক্ষা।
যাৰ দয়া-মমতা নাই – নিৰ্দয়।
মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা – জিঘংসা।
যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই) – অজাতশত্ৰু
যি গোচৰ তৰে – গুচৰীয়া।
যি সকলো জানে – সৰ্বজ্ঞ।
যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে – অবিৱেচক।
যাক পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য।
যি কথা কোৱা উচিত নহয় – অকথ্য।
যিজনে ইন্দ্ৰয় জয় কৰিব পাৰে – জিতেন্দৰিয়।
যি কথাৰ অৰ্থ নাই – অৰ্থহীন, নিৰৰ্থক।
যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে – দূৰদৰ্শী
যিজনে দূৰলৈ দেখে – দূৰদৰ্শী
যাৰ দুই হাত সমানে চলে – সব্যসাচী।
যি আগেয়ে হোৱা নাই – অভূতপূৰ্ব।
নিজে নিজে হোৱা – স্বয়স্তু।
পি্ খোৱা বস্তু – পেয়।
চ্লেকি খোৱা বস্তু – লেহ্য।
চোবাই খোৱা বস্তু – চব্য।
দৰমহা নোলোৱাকৈ কাম কৰা মানুহ – অবৈতনিক।
আনৰ দোষ দেখা স্বভাৱ – অসূয়া।
ভৰিৰপৰা মূৰলৈকে – আপাদমস্তক।
সখিয়েকৰ মাক – আমৈ।
বন্ধু-বান্ধৱৰ সৈতে – সবান্ধৱে (সবান্ধৱ)।
কাৰো নাম নধৰাকৈ পৰা গালি – গুৱাল-গালি।
লোকক দেখি পাছত যি কৰে – অনুকৰণ ৷
এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা – কাকবন্ধ্যা, বিয়ৈবীজী
ফুল নুফুলাকৈ গুটি হোৱা গছ। – বনস্পতি।
সীমা নথকা – অসীম।
মাটিৰে নিৰ্মিত – মৃন্ময়।
মেলত পাৰ্গত – মেলেকী।
হতভাগ্য যাৰ – হতভগা।
ধান ৰোৱা তিৰোতা – ৰোৱনী।
ধান দোৱা তিৰোতা – দাৱনী।
বীণা আছে পাণিত (হাতত) যাৰ – বীণাপাণি।
দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ – দেশকৰ্মী।
দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ – ছহিদ্ (শ্বহীদ্)।
পথৰপৰা যি বিচলিত হৈছে – পথজৰষ্ট।
নোহোৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, উদ্ভাৱক।
ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা – ৰূপোৱালী।
সোণেৰে নিৰ্মিত বা সোণ চৰোৱা – সোণোৱালী।
দেশক ভাল পোৱা মানুহ – দেশ-ভক্ত, দেশ-প্ৰেমিক।
নিজৰ ওপৰত যি নিৰ্ভৰ কৰে – স্বাৱলম্বী, আত্মনিৰ্ভবশীল।
বহুত কল-গছ থকা ঠাই – কলনি।
আনৰ ভাল দেখিব নোৱাৰা – পৰশত্জীকাতৰ।
গোটেই জীৱন জুৰি – আজীৱন।
দীৰ্ঘকাল জীয়াই থকা – দীৰ্ঘজীৱী।
হঠাতে হোৱা ঘটনা – আকস্মিক।
বিহুৰ আগদিনা – উৰুকা।
লোকৰপৰা নিন্দা – লোকনিন্দা।
যি হিচাপমতে নচলে – বেহিচাপী।
ভিক্ষাৰ অভাৱ – দুৰ্ভিক্ষ।
ঘৰ নাই যাৰ – অঘৰী।
প্রৱাসত থকা মানুহ – প্রৱাসী, প্রৱসুৱা।
একে গুৰুৰ শিষ্য – সতীৰ্থ, হৰি ভকত।
সত্য কথা কোৱা মানুহ – সত্যবাদী।
ঈশ্বৰত যাৰ বিশ্বাস নাই – নাস্তিক।
যাৰ অন্ত নাই – অনন্ত।
বোকাত যাৰ জন্ম – পংকজ।
নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে – কৃতজ্ঞ।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ, কৃতত্ন।
যি পুৰুষৰ ঘৈণীয়েক মৰিছে – বৰলা।
যাক দেখা নাযায় – অদৃশ্য।
যি নাৰীৰ স্বামী মৰিছে – বিধৱা।
এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় – ওষধি।
বিয়া নকৰোৱা মানুহ – অবিৱাহিত, বৰলা বা ডাং বৰলা।
একে উদৰৰপৰা বা একে মাকৰপৰা জন্ম যাৰ – সহোদৰ, সহোদৰা (স্নীলিঙ্গ)।
পৰৰ অধীন – পৰাধীন।
পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ – পৰমুখাপেক্ষী।
পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় – পৰশম্জীকাতৰ।
যি গৰু-ম’হৰ গাড়ী চলায় – গাড়োৱান।
কানি খোৱা মানুহ – কানীয়া।
বাটেদি যোৱা মানুহ – বাটৰুৱা।
মিছা কথা কোৱা মানুহ – মিছলীয়া।
কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ ৷
মাটিৰ বাচন সাজোঁতা – কুমাৰ ৷
যি সকলে নাও বায় – নাৱৰীয়া।
যি জলত চৰে – জলচৰ ।
ৰ্যি শত্ৰুক বধ কৰে – শত্ৰুঘ্ন।
ব্যাকৰণত যি পাৰদশী – বৈয়াকৰণিক, বৈয়াকৰণ।
যাক সহজে লঙ্ঘন কৰিব নোৱাৰি – অলঙ্ঘ্য ।
অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় – নাতিশীতোষ্ণ।
যিজনে আইন জানে – আইনজ্ঞ।
যাৰ কোনো সন্তান নাই – নিৰ্বংশ।
যিজনী তিৰোতাৰ ল’ৰা-ছোৱালী (সন্তান) নহ’ল – বাঁজী।
যাৰ কোনো সন্তান নাই – নিঃসন্তান।
কঁঠালৰ সৰু সৰু কলি – মুচি ।
নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান – মাউৰা।
নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান – ঘাট-মাউৰা ৷
বেঙৰ নেজ থকা সৰু পোৱালি – লালুকী ।
গড়ৈ মাছৰ সৰু সৰু পোৱালি – গড়ৈচিৰিকা।
কাৱৈ মাছৰ সৰু পোৱালি – কাৱৈটিলা ৷
আগলৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হ’ব।