SEBA Class 6 Maths Chapter 1 Notes [New Book] – Assamese Medium

SEBA (ASSEB) Class 6 Maths Chapter 1 Notes on Mathematical Pattern (গাণিতিক আৰ্হি) are prepared from the latest revised book of the 2026-27 edition for Assamese Medium students. The Assam Education Board has introduced new content from the session 2026-27, with completely new content. It makes it difficult for students to find notes for the newly introduced textbooks of Class 6 mathematics. So, we have prepared detailed notes for the chapter Mathematical Pattern of the Maths textbook for SEBA (ASSEB) Assamese Medium Students.

গাণিতিক আৰ্হি (Mathematical Pattern) Class 6 Maths Chapter 1 Notes for SEBA Assamese Medium

ষষ্ঠ শ্ৰেণীৰ গণিতৰ গাণিতিক আৰ্হি পাঠটোৰ অতি সহজে বুজি পোৱাকৈ তোমালোকৰ বাবে এই পাঠটোৰ টোকা দিয়া হৈছে। গাণিতিক আৰ্হি পাঠটোৰ টোকাটো নতুনকৈ প্ৰকাশ হোৱা গণিতৰ পাঠ্যক্ৰমৰ আধাৰত দিয়া হৈছে।

গাণিতিক আৰ্হি (Mathematical Pattern) - SEBA Class 6 Maths Chapter 1 Notes for Assamese Medium

এই পাঠটোৰ পৰা তোমালোকে শিকিব পাৰিবা –

  • (i) সংখ্যাৰ ভিন ভিন আর্হি
  • (ii) সংখ্যাৰ বিভিন্ন আৰ্হিৰ মাজত সম্পর্ক
  • (iii) এটা চমকপ্রদ আর্হি

সংখ্যাৰ ভিন ভিন প্ৰকাৰৰ আর্হি (Types of Patterns of Numbers):

সংখ্যাৰ আৰ্হিৰ উদাহৰণ হ’ল: গণনা সংখ্যা বা স্বাভাৱিক সংখ্যাৰ আর্হি, অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা, বর্গ সংখ্যা, ত্রিভুজীয় সংখ্যা, ঘন সংখ্যা, বিৰাহাংক সংখ্যা, 2, 3, 10 আদি সংখ্যাৰ ঘাত, 2, 3 আদিৰ গুণিতকবোৰৰ আৰ্হি ইত্যাদি।

1. গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা (Counting Numbers or Natural Numbers):

যিবোৰ সংখ্যাৰ সহায়ত আমি বস্তু গণনা কৰোঁ, তাকেই গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা বোলে।

আৰ্হি: 1, 2, 3, 4, 5……

2. পূৰ্ণ সংখ্যা (Whole Numbers):

শূণ্যকে (0) ধৰি সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বোলে ।

আৰ্হি: 0,1, 2, 3, 4, 5….

3. অযুগ্ম সংখ্যা বা বিযোৰ সংখ্যা (Odd Numbers):

যিবোৰ সংখ্যা 2 ৰে বিভাজ্য নহয়, অৰ্থাৎ 2 ৰে হৰণ কৰিলে ভাগশেষ 1 থাকে, সেইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে।

আৰ্হি: 1, 3, 5, 7, 9, 11….

4. যুগ্ম সংখ্যা বা যোৰ সংখ্যা (Even Numbers):

যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য, তাক যুগ্ম সংখ্যা বোলে।

আৰ্হি: 2, 4, 6, 8, 10….

5. বৰ্গ সংখ্যা (Square Numbers):

কোনো এটা স্বাভাৱিক সংখ্যাক সেই একেই সংখ্যাৰে পূৰণ কৰিলে যি ফল পোৱা যায়, তাকে বৰ্গ সংখ্যা বোলে।

আৰ্হি: 1, 4, 9, 16, 25 ….

ইয়াত, 1 ৰ বৰ্গ 1 × 1 = 1

2 ৰ বৰ্গ 2 × 2 = 4

3 ৰ বৰ্গ 3 × 3 = 9 আদি ।

6. ত্ৰিভুজীয় সংখ্যা (Triangular Numbers):

যিবোৰ সংখ্যাক বিন্দুৰ সহায়ত এটা সমবাহু ত্ৰিভুজৰ আৰ্হিত সজাব পাৰি, তাক ত্ৰিভুজীয় সংখ্যা বোলে।

আৰ্হি: 1, 3, 6, 10, 15….

7. ঘন সংখ্যা (Cube Numbers)

এটা সংখ্যাক তিনিবাৰ পূৰণ কৰিলে (অৰ্থাৎ তাৰ ঘাত 3 হ’লে) যি ফল পোৱা যায়, তাক ঘন সংখ্যা বোলে।

 আৰ্হি: 1, 8, 27, 64, 125……

ইয়াত, 1 ৰ ঘন 1 × 1 × 1 = 1

2 ৰ ঘন 2 × 2 × 2 = 8

3 ৰ ঘন 3 × 3 × 3 = 27 আদি ।

8. বিৰাহাংক সংখ্যা (Fibonacci Numbers)

এই আৰ্হিত প্ৰতিটো সংখ্যা তাৰ আগৰ দুটা সংখ্যাৰ যোগফলৰ সমান। সাধাৰণতে ই 0 আৰু 1 ৰ পৰা আৰম্ভ হয়।

আৰ্হি: 0, 1, 1, 2, 3, 5, 8, 13….

9. 2, 3, 10 আদিৰ ঘাত (Powers of 2, 3, 10):

যেতিয়া এটা সংখ্যাক বাৰে বাৰে পূৰণ কৰা হয়, তাক ঘাতৰ আৰ্হি বুলি কোৱা হয়।

2 ৰ ঘাতৰ আৰ্হি: 1, 2, 4, 8, 16, 32, 64….

[ 21 =2, 22 =4, 23 =8, 24 =16]

3 ৰ ঘাতৰ আৰ্হি: 1, 3, 9, 27, 81, 243….

[31 =3, 32 = 9, 33 =27, 34 = 81]

10 ৰ ঘাতৰ আৰ্হি: 1, 10, 100, 1000, 10000….

[101 = 10, 102 = 100, 103 = 1000]

10. 2, 3 আদিৰ গুণিতকৰ আৰ্হি (Multiples of 2, 3)

কোনো সংখ্যাক 1, 2, 3 আদিৰে ক্ৰমান্বয়ে পূৰণ কৰি গ’লে গুণিতকবোৰ পোৱা যায়।

 2 ৰ গুণিতকৰ আৰ্হি: 2, 4, 6, 8, 10, 12….

 3ৰ গুণিতকৰ আৰ্হি:  3, 6, 9, 12, 15, 18….

সংখ্যাৰ আৰ্হিবোৰৰ মাজত সম্পৰ্ক (Relations among Patterns of Numbers)

(i) ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজত সম্পৰ্ক:

দুটা ক্রমিক ত্রিভুজীয় সংখ্যাৰ যোগফল সদায় এটা বর্গ সংখ্যা।

1 = 1

1 + 3 = 4

3 + 6 = 9

6 + 10 = 16

10 + 15 = 25

15 + 21 = 36

21 + 28 = 49 ইত্যাদি ।

* 1 হৈছে আটাইতকৈ সৰু ত্রিভুজীয় সংখ্যা আৰু লগতে ই এটা বর্গ সংখ্যা।

(ii) গণনা বা স্বাভাৱিক সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজত সম্পৰ্ক:

গণনা বা স্বাভাৱিক সংখ্যাবোৰ প্ৰথমে ঊর্ধ্বক্রমত আৰু পাছত অধঃক্রমত সজাই যোগ কৰিলে এটা পূর্ণবর্গ সংখ্যা পোৱা যায় ।

1 = 1

1 + 2 + 1 = 4

1 + 2 + 3 + 2 + 1 = 9

1 + 2 + 3 + 4 + 3 + 2 + 1 = 16

1 + 2 + 3 + 4 + 5 + 4 + 3 + 2 + 1 = 25

1 + 2 + 3 + 4 + 5 + 6 + 5 + 4 + 3 + 2 + 1 = 36

1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + 2 + 1 = 49 ইত্যাদি ।

আমোদজনক আৰ্হি

 (i)

1 × 1 = 1

11 × 11 = 121

111 × 111 = 12321

1111 × 1111 = 1234321

11111 × 11111 = 123454321

111111 × 111111 = 12345654321

1111111 × 1111111 = 1234567654321

………………………………

টোকা: (গাণিতিক আৰ্হি পাঠটোৰ কেইটামান অধিক জানিবলগীয়া কথা)

  • প্রাচীন কালত থলুৱা অসমীয়া সমাজত পাটীগণিত আৰু জোখ-মাখৰ ব্যবস্থাক সাধাৰণতে ‘কাইথেলী অংক’ নামেৰে জনাজাত আছিল।
  • ভাৰতীয় গণিতজ্ঞ বিৰাহাংকই বহুত বছৰ আগতেই (সম্ভৱতঃ ৬ষ্ঠৰ পৰা ৮ম শতিকাৰ ভিতৰত) ছন্দ শাস্ত্ৰৰ বিশ্লেষণত বিৰাহাংক সংখ্যাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল।

Leave a Comment