SEBA Class 10 Science Chapter 1 covers “Chemical Reactions & Equations (ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ). This class 10 science chapter 1 notes will summarize the whole chapter at one shot. This detailed notes on the chapter Chemical Reactions and Equations (ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ) will be very helpful SEBA Class 10 students for their HSLC 2026 Exam.
Key Concepts: ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ পাঠটোৰ মূল বিষয়সমূহ
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়টোত আমি বিক্ৰিয়া আৰু সমীকৰণৰ মৌলিক ধাৰণা বিষয়ে ভালদৰে আলোচনা কৰিম। এই পাঠটোত আলোচনা কৰিব লগীয়া মূল বিষয় সমূহ হ’ল –
- ৰাসায়নিক বিক্রিয়া আৰু ইয়াৰ প্ৰকাৰ (Chemical Reaction and its types)
- ৰাসায়নিক সমীকৰণ (Chemical Equation)
- সমতুলীকৰণ প্রক্রিয়া (Balancing Process)

Notes on SEBA Class 10 Science Chapter 1: ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ (Chemical Reactions and Equations)
ৰাসায়নিক বিক্রিয়া (Chemical Reaction):
দুই বা ততোধিক পদার্থই ৰাসায়নিক ভাবে মিলিত হৈ ভিন্ন ভৌতিক তথা ৰাসায়নিক ধর্মবিশিষ্ট নতুন পদার্থৰ সৃষ্টি হোৱা প্রক্রিয়াকে ৰাসায়নিক বিক্রিয়া বোলে।
ৰাসায়নিক বিক্রিয়াত পৰমাণুবোৰ সংৰক্ষিত হয় আৰু বিক্রিয়ক পদার্থবোৰৰ ভৰ, বিক্রিয়াজাত পদার্থবোৰৰ ভৰৰ সমান হয়।
বিক্ৰিয়ক পদাৰ্থ (Reactants): যি বোৰ পদাৰ্থৰ মাজত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, সেইবোৰ পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ বোলে ।
বিক্ৰিয়াজাত পদাৰ্থ (Products): যি বোৰ পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হয়, সেইবোৰক বিক্ৰিয়াজাত পদাৰ্থ বোলে ।
ৰাসায়নিক সমীকৰণ (Chemical Equation):
ৰাসায়নিক বিক্রিয়া এটাক বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থবোৰৰ সাংকেতিক চিহ্নৰ দ্বাৰা উপস্থাপন কৰা পদ্ধতিটোক ৰাসায়নিক সমীকৰণ বোলে।
উদাহৰণ: Mg + O2 → MgO
জঁকা ৰাসায়নিক সমীকৰণ (Skeletal Chemical Equation):
এটা সমীকৰণ য’ত বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থবোৰৰ সকলোবোৰ মৌলৰ ভৰ সমান নহয়, তেনে সমীকৰণক জঁকা ৰাসায়নিক সমীকৰণ বোলে।
উদাহৰণ: Mg + O2 → MgO
সন্তুলিত ৰাসায়নিক সমীকৰণ (Balanced Chemical Equation):
যিবোৰ সমীকৰণত বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থৰ দুয়োফালে প্রতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে, তেনে সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ।
উদাহৰণ: Zn + H2SO4 → ZnSO4 + H2
সমতুলীকৰণ প্রক্রিয়া (Balancing Process):
সমীকৰণ এটা সমতুল্য কৰিবলৈ ব্যৱহাৰ কৰা এটা পদ্ধতি হ’ল অনুমান আৰু প্রচেষ্টা (Hit and Trial) পদ্ধতি । এই পদ্ধতিত ক্ষুদ্রতম পূর্ণসংখ্যাৰ সহগ ব্যৱহাৰ কৰি মৌলবোৰৰ পৰমাণুৰ সংখ্যা সমান কৰা হয়।
ভৌতিক অৱস্থা (Physical States):
সমীকৰণ এটা অধিক তথ্যসমৃদ্ধ কৰিবলৈ পদার্থৰ ভৌতিক অৱস্থাবোৰ তলত দিয়া ধৰণে লিখা হয়: গোটা (s), জুলীয়া (l), গেছীয় (g), জলীয় দ্ৰৱ (aq)
ৰাসায়নিক বিক্রিয়াৰ প্ৰকাৰ (Types of Chemical Reactions)
1) সংযোজন বিক্রিয়া (Combination Reaction):
যিবোৰ বিক্রিয়াত দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক সংযোজন বিক্রিয়া বোলে।
উদাহৰণ: CaO (s) + H2O (l) → Ca(OH)2 (aq)
C (s) + O2 (g) → CO2 (g)
2H2 (g) + O2 (g) → 2H2O (l)
2) বিযোজন বিক্রিয়া (Decomposition Reaction):
যিবোৰ বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদার্থ একাধিক সৰল বিক্রিয়াজাত পদার্থলৈ ভাগি যায়, তেনে ৰাসায়নিক বিক্ৰিয়াক বিযোজন বিক্রিয়া বোলে।
ই তিনি প্ৰকাৰৰ:
(i) তাপীয় বিযোজন বিক্ৰিয়া (Thermal Decomposition Reaction):
তাপ প্রয়োগ কৰি ঘটোৱা বিযোজন বিক্ৰিয়াক তাপীয় বিযোজন বিক্ৰিয়া বোলে।
উদাহৰণ: CaCO3 (s) + তাপ → CaO(s) + CO2 (g)
2FeSO4 (s)+ তাপ → Fe3O3 (s) + SO2 (g) + SO3 (g)
2Pb(NO3)2 (s) + তাপ → 2PbO (s) + 4NO2 (g) + O2 (g)
(ii) বিদ্যুৎ বৈশ্লেষিক বিযোজন বিক্ৰিয়া (Electrolytic Decomposition Reaction):
বিদ্যুৎ প্রয়োগ কৰি ঘটোৱা বিযোজন বিক্ৰিয়াক বিদ্যুৎ বৈশ্লেষিক বিযোজন বিক্ৰিয়া বোলে।
উদাহৰণ: 2Al2O3 (l) + বিদ্যুৎ → 4Al (s) + 3O2 (g)
2H2O (l) + বিদ্যুৎ → 2H2 (g) + O2 (g)
(iii) আলোক বিযোজন বিক্ৰিয়া (Photo Decomposition Reaction):
পোহৰ প্রয়োগ কৰি ঘটোৱা বিযোজন বিক্ৰিয়াক আলোক বিযোজন বিক্ৰিয়া বোলে।
উদাহৰণ: 2AgCl (s) + সূৰ্যৰ পোহৰ → 2Ag (s) + Cl2 (g)
2AgBr (s) + সূৰ্যৰ পোহৰ → 2Ag (s) + Br2 (g)
*টোকা: এই বিক্ৰিয়াসমূহ ক’লা-বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়।
3) অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়া (Displacement Reaction):
যিবোৰ বিক্রিয়াত এটা অধিক সক্রিয় মৌলই আন এটা কম সক্রিয় মৌলক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেনে ৰাসায়নিক বিক্ৰিয়াক অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়া বোলে।
উদাহৰণ: Fe (s) + CuSO4 (aq) → FeSO4 (aq) + Cu (s)
Zn (s) + CuSO4 (aq) → ZnSO4 (aq) + Cu (s)
Pb (s) + CuCl2 (aq) → PbCl2 (aq) + Cu (s)
4) দ্বি-অপসৰণ বিক্রিয়া (Double Displacement Reaction):
যিবোৰ বিক্রিয়াত বিক্রিয়ক দুটাৰ মাজত আয়ন বিনিময়ৰ জৰিয়তে নতুন পদার্থ উৎপন্ন হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক দ্বি-অপসৰণ বিক্রিয়া বোলে।
উদাহৰণ: Na2SO4 (aq) + BaCl2 (aq) → BaSO4 (s)(↓) + 2NaCl (aq)
Pb(NO3)2 + 2KI → 2KNO3 + PbI2(↓)
5) অধঃক্ষেপন বিক্রিয়া (Precipitation Reaction):
যি বিক্ৰিয়াত অদ্ৰৱণীয় পদার্থ (অধঃক্ষেপ) উৎপন্ন হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক দ্বি-অপসৰণ বিক্রিয়া বোলে।
উদাহৰণ: Na2SO4 (aq) + BaCl2 (aq) → BaSO4 (s)(↓) + 2NaCl (aq)
Pb(NO3)2 + 2KI → 2KNO3 + PbI2(↓)
অধঃক্ষেপৰ গঠন (↓) চিনেৰে দেখুওৱা হৈছে ।
6) জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া (Redox Reaction):
যিবোৰ বিক্রিয়াত জাৰণ আৰু বিজাৰণ প্ৰক্ৰিয়া দুয়োটা সংঘটিত হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্রিয়া বোলে।
উদাহৰণ: CuO + H2 → Cu + H2O
ZnO + C → Zn + CO
জাৰণ (Oxidation): অক্সিজেন লাভ কৰা বা হাইড্ৰ’জেন হেৰুওৱা প্ৰক্ৰিয়াক জাৰণ বোলে।
বিজাৰণ (Reduction): হাইড্ৰ’জেন লাভ কৰা বা অক্সিজেন হেৰুওৱা প্ৰক্ৰিয়াক বিজাৰণ বোলে।
7) তাপবৰ্জী বিক্রিয়া (Exothermic Reaction):
যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে শক্তি বা তাপৰ উদ্ভৱ হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী বিক্রিয়া বোলে।
উদাহৰণ: CaO(s) + H2O(l) → Ca(OH)2(aq) + তাপ
C (s) + O2 (g) → CO2 (g) + তাপ
CH4 (g) + 2O2 (g) → CO2 (g) + 2H2O(l) + তাপ
8) তাপগ্ৰাহী বিক্রিয়া (Endothermic Reaction):
যি বিক্ৰিয়াত শক্তি শোষিত হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্রিয়া বোলে।
উদাহৰণ: CaCO3 (s) + তাপ → CaO(s) + CO2 (g)
2FeSO4 (s)+ তাপ → Fe3O3 (s) + SO2 (g) + SO3 (g)
2Pb(NO3)2 (s) + তাপ → 2PbO (s) + 4NO2 (g) + O2 (g)
ক্ষয়ীভৱন (Corrosion):
জলীয় বাষ্প, এছিড আদিৰ প্ৰভাৱত ধাতুৰ পৃষ্ঠভাগ ক্ষয় যোৱা প্ৰক্ৰিয়াকেই ক্ষয়ীভৱন বোলে।
বিভিন্ন ধাতুৰ ওপৰত ক্ষয়ীভৱনৰ দুটামান উদাহৰণ – লোত মামৰে ধৰা (ৰঙচুৱা মুগা বৰণৰ), ছিলভাৰৰ ওপৰত ক’লা চামনি পৰা, কপাৰৰ ওপৰত সেউজীয়া চামনি পৰা ।
দুৰ্গন্ধিতা (Rancidity):
তেল বা চৰ্বিযুক্ত খাদ্য বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হৈ সোৱাদ আৰু গোন্ধ সলনি হোৱা প্ৰক্ৰিয়াক দুৰ্গন্ধিতা বোলে ।
যেনে – ঘৰতে ৰন্ধা দালি-ভাজি বা তেলজাতীয় খাদ্য কিছুদিন মুকলিকৈ ৰাখিলে গোন্ধ আৰু স্বাদৰ পৰিবৰ্তন হয় ।
দুৰ্গন্ধিতাক ৰোধ কৰাৰ উপায়:
- প্রতিজাৰক (Antioxidants) পদাৰ্থ ব্যৱহাৰ কৰি দুৰ্গন্ধিতা ৰোধ কৰিব পৰা যায় ।
- চিপচ বা তেল আৰু চৰ্বিযুক্ত খাদ্যসমূহত নাইট্র’জেন গেছ ব্যৱহাৰ কৰি জাৰণ প্ৰতিৰোধ কৰিব পাৰি ।
- বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু থ’লে জাৰণ মন্থৰ হয় ।
অধিক জানিবৰ বাবে:
* ভৰৰ নিত্যতা সূত্ৰ: ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে।
* জাৰিত পদাৰ্থ আৰু বিজাৰিত পদাৰ্থ: যিটো বিক্ৰিয়ক পদাৰ্থই বিক্ৰিয়াৰ পাছত অক্সিজেন লাভ কৰে, সেই বিক্ৰিয়ক পদাৰ্থটোক জাৰিত পদাৰ্থ বোলে ।
যিটো বিক্ৰিয়ক পদাৰ্থই বিক্ৰিয়াৰ পাছত অক্সিজেন হেৰুৱাই, সেই বিক্ৰিয়ক পদাৰ্থটোক বিজাৰিত পদাৰ্থ বোলে ।
* জাৰক পদাৰ্থ আৰু বিজাৰক পদাৰ্থ: যিটো বিক্ৰিয়ক পদাৰ্থই জাৰণ সংঘটিত কৰে, সেই পদাৰ্থটোক জাৰক পদাৰ্থ বোলে ।
যিটো বিক্ৰিয়ক পদাৰ্থই বিজাৰণ সংঘটিত কৰে, সেই পদাৰ্থটোক বিজাৰক পদাৰ্থ বোলে ।