In this post, we have provided detailed notes on the SEBA Class 8 Science Chapter 1 for Assamese-medium students. These notes on the chapter Crop Production and Management (শস্য উৎপাদন আৰু ব্যৱস্থাপনা) of the SEBA Science SCERT textbook are carefully prepared so that students can grasp the key concepts easily and revise them easily for their exams.

এই Postটোত আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনা অধ্যায়টোৰ এটা সুন্দৰ টোকা দিছো। এই পাঠটোৰ টোকাটো তোমালোকৰ পৰীক্ষাৰ বাবে অতিকৈ ওপযোগী হ’ব বুলি আশা থাকিল। পাঠটোৰ সকলোখিনি কথা সহজকৈ তোমালোকে বুজি পোৱাকৈ দিয়া হৈছে।
শস্য উৎপাদন আৰু ব্যৱস্থাপনা (Crop Production and Management): Class 8 Science Chapter 1 Notes for Assamese Medium Students
The overview of this Science Chapter 1 Notes of SEBA Class 8 SCERT Textbook are as follows –
| Class | VIII |
| Subject | Science |
| Chapter Name | Chapter 1: শস্য উৎপাদন আৰু ব্যৱস্থাপনা (Crop Production and Management) |
| Medium of Note | Assamese |
| Education Board | SEBA (ASSEB) |
Key concepts that we will learn in the Class 8 Science chapter 1 are given below.
- শস্যৰ প্ৰকাৰ (Types of Crops)
- কৃষি পদ্ধতিসমূহ (Agricultural Practices
অধ্যায় – ১: শস্য উৎপাদন আৰু ব্যৱস্থাপনা (Crop Production and Management) –
আমাৰ বৰ্ধিত জনসংখ্যাক খাদ্য যোগান ধৰিবলৈ কিছুমান বিশেষ কৃষি পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়োজন।
- শস্য (Crop): যেতিয়া একেজাতীয় উদ্ভিদ একেলগে কোনো এখন ঠাইত উৎপাদন আৰু খেতি কৰা হয়, তাক শস্য বোলে।
- শস্যৰ প্ৰকাৰ: ভাৰতবৰ্ষত ঋতু অনুসৰি শস্যক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— ৰবি শস্য আৰু খাৰিফ শস্য।
১. খাৰিফ শস্য (Kharif Crops)
খাৰিফ শস্যক সাধাৰণতে বাৰিষা কালৰ শস্য বুলি কোৱা হয়। এই শস্যবোৰ জুন-জুলাই মাহত (বৰষুণৰ আৰম্ভণিত) সিঁচা হয় আৰু ছেপ্টেম্বৰ-অক্টোবৰ মাহত চপোৱা হয়। এই শস্যৰ বাবে অধিক পানী আৰু উষ্ণতাৰ প্ৰয়োজন।
- উদাহৰণ:
- ধান: অসমৰ প্ৰধান খাৰিফ শস্য (বিশেষকৈ শালি ধান)।
- মাকৈ: এই সময়ত খেতি কৰা হয়।
- মৰাপাট: অসমৰ এক উল্লেখযোগ্য অৰ্থকৰী খাৰিফ শস্য।
- কঁঠাল আৰু অমিতা: যদিও এইবোৰ ফল, তথাপি এই ঋতুত ইহঁতৰ বিশেষ গুৰুত্ব থাকে।
২. ৰবি শস্য (Rabi Crops)
ৰবি শস্যক শীতকালীন শস্য বুলি জনা যায়। এই শস্যবোৰ অক্টোবৰ-নৱেম্বৰ মাহত (শীতৰ আৰম্ভণিত) সিঁচা হয় আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহত চপোৱা হয়। এই শস্যৰ বাবে তুলনামূলকভাৱে কম পানী আৰু ঠাণ্ডা বতৰৰ প্ৰয়োজন।
- উদাহৰণ:
- সৰিয়হ: অসমৰ পথাৰত শীতকালত দেখা যোৱা আটাইতকৈ জনপ্ৰিয় ৰবি শস্য।
- ঘেঁহু: অসমৰ কিছুমান ঠাইত ইয়াৰ খেতি কৰা হয়।
- মাহ জাতীয় শস্য: মগু মাহ, মাটি মাহ, মটৰ মাহ আদি।
- শাক-পাচলি: বন্ধাকবি, ফুলকবি, আলু, গাজৰ আৰু মূলা।
কৃষি পদ্ধতিসমূহ (Agricultural Practices):
১. মাটি প্ৰস্তুত কৰণ (Preparation of Soil):
মাটি চহোৱা আৰু সমান কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে নাঙল আৰু মৈ (Leveller) ব্যৱহাৰ কৰা হয়।
- মাটিৰ ওপৰৰ স্তৰটো ঢিলা কৰি ওলোটা-পালোটা কৰি দিয়া হয়।
- মাটিৰ ডাঙৰ চপৰাবোৰ ভাঙি দি সিঁচিবৰ বাবে সমান কৰা হয়।
- মাটি চহোৱা বা হাল বোৱা মানে হ’ল মাটিখিনিক ওভতাই দি ঢিলা কৰা, যাতে ই বায়ু আৰু পানী ধৰি ৰাখিব পাৰে। ইয়াৰ ফলত গছৰ শিপাই সহজে মাটিৰ তললৈ সোমাই যাব পাৰে।
- দলি চপৰা: হাল বোৱাৰ সময়ত মাটিত ডাঙৰ ডাঙৰ মাটিৰ ঢিপ ৰৈ যায়, যাক ‘দলি চপৰা’ বোলে।
- দলিমাৰি আৰু মৈ: দলি চপৰাবোৰ ভাঙিবলৈ ‘দলিমাৰি’ আৰু মাটিডৰা সমান কৰিবলৈ ‘মৈ’ ব্যৱহাৰ কৰা হয়।
খেতিৰ সঁজুলিসমূহ:
শস্যৰ ভাল উৎপাদনৰ বাবে মাটি চহ কৰিবলৈ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰা হয়:
(ক) নাঙল (Plough): পৰম্পৰাগতভাৱে ই কাঠেৰে নিৰ্মিত আৰু এহাল বলধ বা ম’হে ইয়াক টানি নিয়ে।
(খ) ফাল: নাঙলৰ তলত থকা ত্ৰিভুজ আকৃতিৰ লোৰ পাতখন।
(গ) নাঙলৰ ডিলা: নাঙলৰ মূল দীঘল কাঠৰ অংশটো।
(ঘ) যুঁৱলি: ডিলাৰ ওপৰত থকা পথালি কাঠৰ মাৰিডাল, যিডাল বলধৰ কান্ধত দিয়া হয়।
(ঙ) কোৰ (Hoe): ইয়াক ঘাইকৈ অপতৃণ (ঘাঁহ-বন) নিৰোৱা আৰু মাটি ঢিলা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত এটা দীঘল কাঠৰ বা লোৰ দণ্ড থাকে আৰু মূৰত এখন ব্লেডৰ দৰে কাম কৰা লোৰ পাত থাকে।
(চ) যান্ত্ৰিক হাল (Cultivator): আজিকালি ট্ৰেক্টৰৰ সহায়ত যান্ত্ৰিক হাল ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত সময় আৰু শ্ৰম দুয়োটাই ৰাহি হয়।
২. বীজ সিঁচা (Sowing):
সঠিক গভীৰতা আৰু দূৰত্বত বীজ সিঁচিলে ভাল উৎপাদন পোৱা যায়। সুস্থ আৰু সবল বীজ নিৰ্বাচন কৰি ‘ছিড ড্ৰিল’ (Seed drill) যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয়। শস্য উৎপাদনৰ বাবে বীজ সিঁচাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। ইয়াত কেইটামান কথা উল্লেখ কৰা হৈছে:
(ক) উন্নত জাতৰ বীজ নিৰ্বাচন: খেতিৰ উৎপাদন বৃদ্ধি কৰিবলৈ উন্নত মানৰ, চাফা আৰু নিৰোগী বীজ বাছি লোৱাটো প্ৰয়োজন।
পৰম্পৰাগত সঁজুলিটো হ’ল এখন চুপি আকৃতিৰ বীজ সিঁচা সঁজুলি (Seed Drill)। এই সঁজুলিটোত বীজসমূহ চূপিত ভৰাই আগজোঙা পাইপৰ (দুই বা তিনিডাল) মাজেৰে মাটিৰ ভিতৰলৈ সুমুৱাই বীজ সিঁচা হয়। এই পৰম্পৰাগত সঁজুলিটো বীজৰ সুষম বিতৰণ আৰু মাটিৰ গভীৰতাত বীজ সিঁচাৰ বাবে ব্যৱহাৰ কৰা হয়।
(খ) শস্য উৎপাদন আৰু ব্যৱস্থাপনা:
- পাতল বেয়া বীজ সাধাৰণতে ফোপোলা আৰু পাতল হয়। সেয়ে এই বীজবোৰ পানীত ওপঙি উঠে। ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা. এইটোৱে ভাল পদ্ধতি। বীজ সিঁচাৰ আগতে, বীজ সিঁচো।
৩. সাৰ প্ৰয়োগ (Adding Manure and Fertilisers):
মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জৈৱিক সাৰ (Manure) আৰু ৰাসায়নিক সাৰ (Fertiliser) প্ৰয়োগ কৰা হয়।
- জৈৱিক সাৰ (Manure): উদ্ভিদ আৰু প্ৰাণীৰ আৱৰ্জনা (গোবৰ, মৃত পাত আদি) পচন সাৰ কৰি প্ৰস্তুত কৰা এক প্ৰাকৃতিক পদাৰ্থ।
- ৰাসায়নিক সাৰ (Fertiliser): এইবোৰ কাৰখানাত প্ৰস্তুত কৰা অজৈৱিক যৌগ, য’ত নাইট্ৰ’জেন, পটেছিয়াম আৰু ফছফৰাছ থাকে। উদাহৰণ— ইউৰিয়া, পটাছ আদি।
জৈৱিক সাৰৰ সুবিধাসমূহ
- ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ অধিক উৎকৃষ্ট বুলি গণ্য কৰা হয়, কাৰণ:
- ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে।
- ই মাটিক ৰন্ধ্ৰযুক্ত কৰি তোলে, যাৰ ফলত বায়ু চলাচল সুচল হয়।
- ই মাটিত থকা উপকাৰী অণুজীৱৰ বংশ বৃদ্ধিত সহায় কৰে।
- ই মাটিৰ গঠন উন্নত কৰে।
৪. জলসিঞ্চন (Irrigation):
উপযুক্ত সময়ত শস্যত পানী যোগান ধৰা প্ৰক্ৰিয়াকে জলসিঞ্চন বোলে। শস্যৰ প্ৰকাৰ, মাটিৰ গুণাগুণ আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি পানী দিয়াৰ পৰিমাণ আৰু সময় বেলেগ বেলেগ হয়।
গ্ৰীষ্মকালত জলসিঞ্চনৰ বেছি প্ৰয়োজন হয়, কাৰণ সূৰ্যৰ তাপত মাটি আৰু উদ্ভিদৰ পাতৰ পৰা পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়।
- পৰম্পৰাগত পদ্ধতি: ম’ট (Moat), চেইন পাম্প, ঢেঁকী, ৰহট।
- আধুনিক পদ্ধতি: স্প্ৰিংকলাৰ পদ্ধতি (Sprinkler system) আৰু ড্ৰিপ পদ্ধতি (Drip system)।
জলসিঞ্চনৰ আধুনিক পদ্ধতিসমূহে পানী মিতব্যয়ীভাবে ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰে। ইয়াৰ মূল লক্ষ্য হৈছে পানীৰ অপচয় ৰোধ কৰা। মুখ্য পদ্ধতি দুটা হ‘ল:
- ১. পানী ছটিওৱা ব্যৱস্থা (Sprinkler System): পাম্পৰ সহায়ত নলীৰে পানী জোৰেৰে পঠিয়াই বৰষুণৰ দৰে শস্যৰ ওপৰত ছটিওৱা হয়।
- ২. পানী নিগৰোৱা ব্যৱস্থা (Drip System): টোপ টোপকৈ উদ্ভিদৰ শিপাত পানী যোগান ধৰা হয়।
১) পানী ছটিওৱা ব্যৱস্থা (Sprinkler System):
- ব্যৱহাৰ: অসমান ভূমি আৰু য’ত পানীৰ পৰিমাণ কম, তেনে ঠাইত অতি উপযোগী।
- কার্যপদ্ধতি: মূল নলীডালৰ পৰা লম্বভাৱে কিছু দূৰত্বত ঘূর্ণনশীল বিন্ধা থকা নলী লগোৱা হয়। পানী চাপযুক্ত হৈ ওলাই আহি বৰষুণৰ দৰে ছিটিকনি পেলায়।
- উপযোগিতা: বালীয়া মাটিৰ বাবে ই উত্তম।
২) পানী নিগৰোৱা ব্যৱস্থা (Drip System):
- কার্যপদ্ধতি: এই ব্যবস্থাত পানী নিগৰাই টোপ টোপকৈ পোনে পোনে উদ্ভিদৰ শিপাত পেলোৱা হয়।
- উপযোগিতা: ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা।
- সুবিধা: এই পদ্ধতিত পানীৰ অপচয় একেবাৰেই নহয়।
৫. অপতৃণ নিবাৰণ (Weeding):
শস্যৰ মাজত গজি উঠা অনাৱশ্যকীয় উদ্ভিদবোৰক অপতৃণ (Weeds) বোলে। এইবোৰ আঁতৰোৱাটো প্ৰয়োজনীয়।
- খন্তি (Hoe) ব্যৱহাৰ কৰি মাটি ঢিলা কৰা আৰু অপতৃণ নিৰোৱা হয়।
- খেতিয়কসকলে অপতৃণ আঁতবোৱা আৰু সিহঁতব বৃদ্ধি নিয়ন্ত্রণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়।
- শস্যব বীজ সিঁচাৰ আগতে মাটি চহাওতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয়। বীজ সিঁচা যন্ত্রও অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয়
- অপতৃণ নিয়ন্ত্রণ কৰিবলৈ অপতৃণনাশক বননাশক (Herbicide) ৰাসায়নিক দ্রব্য যেনে 2, 4-D ব্যৱহাৰ কৰা হয়।। অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওরা হয়। ইহঁতে শস্য ধ্বংস নকৰে। অপতৃণনাশকবোর প্রয়োজন সাপেক্ষে পানীত মিহলাই পনীয়া কবি স্প্রে মেচিনৰ সহায়ত পথাৰত ছটিয়াই দিয়া হয়
৬. চপোৱা (Harvesting):
শস্য পকি উঠাৰ পিছত সেইবোৰ কটা আৰু সংগ্ৰহ কৰা প্ৰক্ৰিয়াক চপোৱা বোলে। ইয়াৰ বাবে কাঁচি বা হাৰ্ভেষ্টাৰ (Harvester) যন্ত্ৰ ব্যৱহাৰ কৰা হয়। শস্যৰ পৰা গুটিবোৰ পৃথক কৰা কাৰ্যক মৰণা মৰা (Threshing) বোলে।
৭. সংৰক্ষণ (Storage):
শস্যৰ গুটিবোৰ পোক-পতংগ আৰু নিগনিৰ পৰা ৰক্ষা কৰিবলৈ ভঁৰাল বা চাইলোত (Silos) সংৰক্ষণ কৰা হয়। ঘৰত শস্য সংৰক্ষণ বাবে শুকান নিমপাত ব্যবহাব কৰা হয়। ডাঙব গুদাম ঘৰত নির্দিষ্ট কিছুমান বাসায়নিক দ্রব্যৰ ব্যৱহাবেবে অপকাৰী কীট আৰু অণুজীৱৰ পৰা বক্ষ। কবি শস্য মজুত কৰা হয়।
- উৎপাদন হোৱাৰ পাছত এটা প্রয়োজনীয় কাম হ’ল শস্য সাঁচি ৰখা। যদি শস্যৰ বীজসমূহ বহু দিনৰ বাবে ৰাখিব লগা হয়, তেনেহ’লে বীজবোৰক আর্দ্রতা, কীট-পতংগ, এন্দুব আৰু অণুজীৱৰ পৰা বচাই ৰাখিব লাগিব।
- সতেজ শস্যত আর্দ্রতা বেছি থাকে। সংৰক্ষণৰ আগতে বীজবোৰ ৰ’দত শুকুৱাই বীজব আর্দ্রতা নাইকিয়া কৰিব লাগে। ইয়ে বীজক অপকাৰী কীট, বেক্টেবিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। খেতিয়কসকলে বীজবোৰ মৰাপাটৰ বক্তা, তোপা বা তোম আৰু ধাতুৰ পাত্ৰত সংৰক্ষণ কৰে।
পশুপালন (Animal Husbandry): খাদ্যৰ বাবে ঘৰচীয়া জন্তুৰ প্ৰতিপালন কৰা কাৰ্যক পশুপালন বোলে।