In this post, we will provide you with the SEBA Class 7 Science Chapter 1 Notes in the Assamese language for Assamese medium students. This consise notes cover the SEBA class 7 Science Chapter 1 – Nutrition in Plants (উদ্ভিদৰ পৰিপুষ্টি). These exam-oriented notes on the Nutrition in Plants chapter will be helpful for SEBA Class 7 Assamese Medium students to get maximum marks.
ইয়াত সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ উদ্ভিদৰ পৰিপুষ্টি পাঠটোৰ সম্পূৰ্ণ টোকা দিয়া হৈছে। এই টোকাৰ সহায়ত তোমালোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ অতিকৈ সুবিধা হ’ব।

Class 7 Science Chapter 1 Notes: Nutrition in Plants (উদ্ভিদৰ পৰিপুষ্টি)
উদ্ভিদৰ পৰিপুষ্টি পাঠটোত আমি শিকিবলগিয়া মূল বিষয়বস্তু সমূহ তলত উল্লেখ কৰা হ’ল।
- পৰিপুষ্টি মানে কি? (What is Nutrition)
- পৰিপুষ্টিৰ প্ৰকাৰ (Types of Nutrition in Plants)
- কোষ (Cells)
- সালোক-সংশ্লেষণ (Photosynthesis) আৰু ইয়াৰ বাবে বাবে প্ৰয়োজনীয় উপাদানসমূহ
- পাতৰ ভূমিকা আৰু পত্ৰৰন্ধ্ৰ (Stomata)
- উদ্ভিদৰ পৰিপুষ্টিৰ অন্যান্য পদ্ধতি সমূহ
উদ্ভিদৰ পৰিপুষ্টি (Nutrition in Plants) – Science Chapter 1: Class 7
পৰিপুষ্টি (Nutrition):
পৰিপুষ্টি হৈছে খাদ্য গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰ কৰাৰ এক প্ৰক্ৰিয়া। পৰিপুষ্টিৰ দুটা প্ৰধান প্ৰকাৰ আছে
- স্ব-পৰিপুষ্টি (Autotrophic nutrition)
- পৰ-পৰিপুষ্টি (Heterotrophic nutrition)
স্ব-পৰিপুষ্টি (Autotrophic Nutrition):
- (Auto- মানে স্ব/নিজে; trophies- মানে পুষ্টি)
- যি পৰিপুষ্টি প্ৰক্ৰিয়াত জীৱই সৰল অজৈৱ পদাৰ্থৰ পৰা নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰে, তাক স্ব-পৰিপুষ্টি বোলে। সেয়েহে, সেউজীয়া উদ্ভিদক স্ব-পৰিপোষী বোলা হয়।
- স্ব-পৰিপোষী উদ্ভিদে ‘সালোক-সংশ্লেষণ’ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ আহাৰ প্ৰস্তুত কৰে।
- ইহঁতক উৎপাদক বুলিও জনা যায়, কাৰণ ইহঁত হ’ল খাদ্য উৎপাদনৰ একমাত্ৰ উৎস।
- সকলো প্ৰাণীয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে।
পৰ-পৰিপুষ্টি (Heterotrophic Nutrition):
- (Heteros- মানে আন/অইন; trophos- মানে পুষ্টি)
- যি পৰিপুষ্টি প্ৰক্ৰিয়াত জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে, তাক পৰ-পৰিপুষ্টি বোলে।
- যিবোৰ জীৱই অন্য জীৱৰ পৰা খাদ্য লাভ কৰে, সেইবোৰক পৰ-পৰিপোষী বোলে।
- ইহঁতে উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য সংগ্ৰহ কৰে।
- উদাহৰণস্বৰূপে: প্ৰাণী, ভেঁকুৰ আৰু কিছুমান বেক্টেৰিয়া।
কোষ (Cells):
সকলো জীৱ সৰু সৰু এককৰ দ্বাৰা গঠিত, যাক কোষ বোলা হয়। কোষ হ’ল জীৱৰ দেহৰ গঠনাত্মক আৰু কাৰ্যকৰী একক। এইবোৰ কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। কোষৰ চাৰিওফালে এখন পাতল আৱৰণ থাকে যাক কোষ আৱৰণ বোলে। ইয়াৰ কেন্দ্ৰত এটা গোলাকাৰ অংগ থাকে যাক নিউক্লিয়াছ (Nucleus) বোলে আৰু নিউক্লিয়াছটোৰ চাৰিওফালে থকা জেলীসদৃশ পদাৰ্থখিনিক কোষপ্ৰৰস (Cytoplasm) বোলা হয়।
সালোক-সংশ্লেষণ (Photosynthesis):
সালোক-সংশ্লেষণ (Photo- মানে পোহৰ; synthesis- মানে একগোট কৰা বা সংশ্লেষণ কৰা) হ’ল এনে এক প্ৰক্ৰিয়া য’ত উদ্ভিদে পত্ৰহৰিৎ (Chlorophyll) নামৰ ৰঞ্জক পদাৰ্থৰ দ্বাৰা সৌৰশক্তি ব্যৱহাৰ কৰি অজৈৱ কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা জৈৱিক খাদ্য (গ্লু’কজ) প্ৰস্তুত কৰে।
- এই প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত হয়।
- উৎপন্ন হোৱা গ্লুক’জখিনি শেষত শ্বেতসাৰ বা ষ্টাৰ্চলৈ (Starch) ৰূপান্তৰিত হয়, যি এবিধ কাৰ্ব’হাইড্ৰেট।
- সালোক-সংশ্লেষণ উদ্ভিদৰ সেউজীয়া অংশত (প্ৰধানকৈ পাতত) সংঘটিত হয় কাৰণ তাত পত্ৰহৰিৎ থাকে। সেয়েহে, পাতক উদ্ভিদৰ খাদ্যৰ কাৰখানা বুলি কোৱা হয়।
সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ:
- সূৰ্যৰ পোহৰ: সূৰ্য হ’ল পোহৰৰ প্ৰাকৃতিক উৎস, যিয়ে উদ্ভিদক সৌৰশক্তি প্ৰদান কৰে। সূৰ্যই হ’ল শক্তিৰ চৰম উৎস।
- পত্ৰহৰিৎ (Chlorophyll): এয়া উদ্ভিদৰ কোষৰ ‘ক্ল’ৰ’প্লাষ্ট’ত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ। ই সূৰ্যৰ শক্তি ধৰি ৰাখে।
- কাৰ্বন-ডাই-অক্সাইড: বায়ুমণ্ডলৰ পৰা পাতত থকা ছিদ্ৰ বা পত্ৰৰন্ধ্ৰৰ জৰিয়তে সংগ্ৰহ কৰা হয়।
- পানী: শিপাৰ দ্বাৰা মাটিৰ পৰা শোষিত হয় আৰু কাণ্ডৰ মাজেৰে পাতলৈ পৰিবহণ কৰা হয়।

পাতৰ ভূমিকা আৰু পত্ৰৰন্ধ্ৰ (Stomata):
পাতৰ উপৰিভাগত থকা সৰু সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে। এইবোৰ বৃক্ক আকৃতিৰ ৰক্ষীকোষৰ (Guard cells) দ্বাৰা আবৃত হৈ থাকে।
কাৰ্য:
- গেছৰ আদান-প্ৰদান কৰা (কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ আৰু অক্সিজেন ত্যাগ)।
- প্ৰস্বেদন (Transpiration) প্ৰক্ৰিয়াটো পত্ৰৰন্ধ্ৰৰ জৰিয়তে ঘটে। যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে শিপাৰে শোষণ কৰি লোৱা অতিৰিক্ত পানীখিনি বাষ্প আকাৰে পাতত থকা পত্ৰৰন্ধ্ৰ (Stomata) বা অন্য বায়ৱীয় অংশৰ মাজেৰে বায়ুমণ্ডললৈ উলিয়াই দিয়ে, তাকেই প্ৰস্বেদন বোলে।
বিভিন্ন ৰঙৰ পাতত সালোক-সংশ্লেষণ (Photosynthesis in Leaves of Various Colours):
সেউজীয়া উদ্ভিদৰ পত্ৰহৰিতে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰি সালোক-সংশ্লেষণ প্ৰক্ৰিয়া সম্পন্ন কৰে। কিছুমান উদ্ভিদ যেনে— ক্ৰটন (Croton), মেপল (Maple), কচু (Colocasia) আদিৰ পাতবোৰ ৰঙা, মূগা বা বেঙুনীয়া ৰঙৰ (চিত্ৰ-বিচিত্ৰ) হোৱা দেখা যায়। এই পাতবোৰত থকা অন্য ৰঞ্জক পদাৰ্থৰ পৰিমাণ ইমান বেছি যে সেইবোৰে পত্ৰহৰিতৰ সেউজীয়া ৰংটো ঢাকি ৰাখে। যিহেতু এই পাতবোৰতো পত্ৰহৰিৎ থাকে, সেয়েহে এই পাতবোৰেও সালোক-সংশ্লেষণ কৰিব পাৰে আৰু শ্বেতসাৰ (Starch) প্ৰস্তুত কৰে।
কাৰ্ব’হাইড্ৰেটৰ বাহিৰে উদ্ভিদৰ অন্য খাদ্যৰ সংশ্লেষণ (Synthesis of Plant Food other than Carbohydrates):
- উদ্ভিদে সংশ্লেষণ কৰা কাৰ্ব’হাইড্ৰেটৰ আটাইতকৈ সৰল ৰূপটো হৈছে শ্বেতসাৰ বা গ্লুক’জ। ই কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনেৰে গঠিত।
- কেতিয়াবা এই সৰল কাৰ্ব’হাইড্ৰেটবোৰ ব্যৱহাৰ কৰি অন্য পুষ্টিকাৰক দ্ৰব্য যেনে— চৰ্বী (তেল), প্ৰ’টিন আদি সংশ্লেষণ কৰা হয়।
- ঘেঁহু, ধান আদিৰ দৰে শস্যৰ বীজত আৰু আলুৰ দৰে উদ্ভিদৰ অংশত প্ৰচুৰ পৰিমাণে শ্বেতসাৰ থাকে।
- কেতিয়াবা এই শ্বেতসাৰ বা গ্লুক’জখিনি উদ্ভিদৰ বীজত তেল হিচাপে সঞ্চিত হৈ থাকে (তৈলবীজ), যেনে— সূৰ্যমুখী ফুলৰ বীজ।
উদ্ভিদৰ পৰিপুষ্টিৰ অন্যান্য পদ্ধতি:
কিছুমান উদ্ভিদৰ পত্ৰহৰিৎ নাথাকে, সেয়েহে ইহঁতে আহাৰ তৈয়াৰ কৰিব নোৱাৰে। ইহঁত পৰ-পৰিপোষী।
- মৃতজীৱী পৰিপুষ্টি (Saprotrophic Nutrition): যি পদ্ধতিত জীৱই মৃত বা পচি যোৱা বস্তুৰ পৰা তৰল দ্ৰৱণ হিচাপে পুষ্টি গ্ৰহণ কৰে। উদাহৰণ: ভেঁকুৰ, কাঠফুলা (Mushroom), পাউৰুটীত হোৱা ভেকুৰ (Bread mold)।
- পৰজীৱী (Parasitic): কিছুমান উদ্ভিদে আন উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰে। উদাহৰণ: স্বৰ্ণলতা (Cuscuta)।
- সহজীৱিতা (Symbiotic Relationship): দুটা বেলেগ জীৱ একেলগে বাস কৰি আশ্ৰয় আৰু পুষ্টি ভাগ-বতৰা কৰা প্ৰক্ৰিয়া। উদাহৰণ: লাইকেন (Lichen)।
- পতংগভোজী উদ্ভিদ (Insectivorous plants): এইবোৰ স্ব-পৰিপোষী যদিও নাইট্ৰ’জেনৰ অভাৱ পূৰণ কৰিবলৈ পতংগ ভক্ষণ কৰে। উদাহৰণ: কলচী উদ্ভিদ (Pitcher plant), ভেনাচ ফ্লাইট্ৰেপ।
মাটিত পুষ্টিৰ পুনৰ্পূৰণ (Replenishment of Nutrients in Soil)
শস্যৰ বৃদ্ধি আৰু প্ৰ’টিন প্ৰস্তুত কৰিবলৈ প্ৰচুৰ পৰিমাণে নাইট্ৰ’জেনৰ প্ৰয়োজন। শস্য চপোৱাৰ পিছত মাটিত নাইট্ৰ’জেনৰ অভাৱ ঘটে। উদ্ভিদে বায়ুমণ্ডলত থকা নাইট্ৰ’জেন গেছ পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰে। কিছুমান বিশেষ বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত এই নাইট্ৰ’জেনক উদ্ভিদৰ ব্যৱহাৰোপযোগী ৰূপলৈ পৰিৱৰ্তিত কৰিব পাৰি।
ৰাইজ’বিয়াম (Rhizobium) বেক্টেৰিয়া:
- ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবোৰ মাহজাতীয় উদ্ভিদৰ (Leguminous plants) শিপাৰ টেমুনাত বাস কৰে।
- এই বেক্টেৰিয়াবোৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গেছ গ্ৰহণ কৰে আৰু ইয়াক পানীত দ্ৰৱণীয় নাইট্ৰ’জেন যোগলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত মাহজাতীয় উদ্ভিদবোৰে বৃদ্ধিৰ বাবে ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে।
সহজীৱিতা (Symbiotic Relationship):
- ইয়াৰ বিনিময়ত, মাহজাতীয় উদ্ভিদে বেক্টেৰিয়াবোৰক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে, কাৰণ ৰাইজ’বিয়ামে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে।
- সেয়েহে ইহঁতৰ মাজত এক সহজীৱী সম্পৰ্ক গঢ়ি উঠে।
- এই সম্পৰ্কটো কৃষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ যি মাটিত মাহজাতীয় উদ্ভিদৰ খেতি কৰা হয়, সেই মাটিত পুনৰ নাইট্ৰ’জেন সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়।