SEBA Class 8 Science Chapter 2 Notes – অণুজীৱ: মিত্ৰ আৰু শত্ৰু

SEBA (ASSEB) Class 8 Science Chapter 2 Notes for the Assamese Medium students. Notes are for the chapter Microorganisms: Friend and Foe (অণুজীৱ: মিত্ৰ আৰু শত্ৰু), which is taken from the SEBA Class 8 Science SCERT Assamese Medium textbook. These notes for Chapter 2, Microorganisms: Friend and Foe, of Class 8, will help the students to understand the whole chapter easily in Assamese. Also, this short note will help the students to revise the key concepts before their examination.

অণুজীৱ: মিত্ৰ আৰু শত্ৰু (Microorganisms: Friend and Foe) Class 8 Science Chapter 2 Complete Notes for Assamese Medium [New Book]

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অণুজীৱ: মিত্ৰ আৰু শত্ৰু (Microorganisms: Friend and Foe) পাঠটোৰ টোকা দিয়া হৈছে। এই পাঠটো অষ্টম শ্ৰেণীৰ নতুনকৈ প্ৰকাশ হোৱা বিজ্ঞান পাঠ্যপুথিৰ পৰা লোৱা হৈছে। এই পাঠটোৰ সকলো বিষয়বস্তু অতি সহজতে বুজি পোৱাকৈ চমুকৈ সকলো বিষয়স্তু সহজ বাক্যত ব্যাখ্যা কৰা হৈছে। এই টোকাটোৱে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ বাবে অতি সহায় কৰিব।

অণুজীৱ: মিত্ৰ আৰু শত্ৰু (Microorganisms: Friend and Foe) Class 8 Science Chapter 2 Complete Notes for Assamese Medium [New Book]

This note is prepared from the newly published science textbook by the Assam Education Board for Class 8. Since the content in the chapter Microorganisms: Friend and Foe (অণুজীৱ: মিত্ৰ আৰু শত্ৰু) is new, so these class 8 science chapter 2 notes is highly recommend for the SEBA (ASSEB) class 8 students.

অণুজীৱ: মিত্ৰ আৰু শত্ৰু (Microorganisms: Friend and Foe)

অণুজীৱ (Microorganisms) :

যিবোৰ জীৱক আমি খালী চকুৰে দেখা নাপাওঁ আৰু কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখিবলৈ পাওঁ, সেইবোৰক অণুজীৱ বোলে ।

উদাহৰণ: বৰষুণৰ দিনত পাউৰুটীৰ ওপৰত পৰা মুগা-বগা দাগবোৰ (ভেঁকুৰ)।

অণুজীৱৰ প্ৰধান ভাগসমূহ (Types of Microorganisms):

অণুজীৱসমূহক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে:

  1. বেক্টেৰিয়া (Bacteria): যেনে— লেক্ট’বেচিলাছ, স্পাইৰেল বেক্টেৰিয়া।
  2. ভেঁকুৰ (Fungi): যেনে— ব্ৰেড মোল্ড (পাউৰুটীৰ ভেঁকুৰ), পেনিচিলিয়াম, এছপাৰজিলাছ।
  3. প্ৰ’ট’জ’ৱা (Protozoa): যেনে— এমিবা, পেৰামেচিয়াম।
  4. শেলাই (Algae): যেনে— ক্লেমিড’মনাছ, স্পাইৰ’গাইৰা।

*টোকা:

ভাইৰাছ (Virus): ভাইৰাছবোৰো অতি ক্ষুদ্ৰ, কিন্তু ইহঁতক পৰম্পৰাগত অণুজীৱতকৈ অলপ সুকীয়া বুলি গণ্য কৰা হয়। কাৰণ ইহঁত কেৱল কোনো জীৱিত কোষৰ (উদ্ভিদ, প্ৰাণী বা বেক্টেৰিয়া) ভিতৰতহে বংশবৃদ্ধি কৰিব পাৰে। যেনে— ইনফ্লুৱেঞ্জা, ক’ভিড-19, সৰুআই।

মিত্ৰ অণুজীৱ: আমাৰ উপকাৰী বন্ধু (Friendly Microorganisms)

অণুজীৱই আমাৰ দৈনন্দিন জীৱন আৰু উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে:

(i) দৈ আৰু পাউৰুটী প্ৰস্তুত কৰাত: লেক্ট’বেচিলাছ (Lactobacillus) নামৰ বেক্টেৰিয়াই গাখীৰক দৈত পৰিণত কৰে। আনহাতে, ইষ্ট (Yeast) নামৰ ভেঁকুৰবিধে দ্ৰুতগতিত বংশবৃদ্ধি কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, যাৰ বাবে কেক বা পাউৰুটী ফুলি কোমল হয়।

(ii) বাণিজ্যিক ব্যৱহাৰ: বৃহৎ পৰিমাণে এলকহল, মদ আৰু এচেটিক এচিড (ভিনেগাৰ) প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

(iii) ঔষধি ব্যৱহাৰ: বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা এন্টিবায়’টিক (Antibiotics) প্ৰস্তুত কৰা হয়, যিয়ে ৰোগ সৃষ্টিকাৰী বীজাণুক ধ্বংস কৰে। যেনে— পেনিচিলিন, ষ্ট্ৰেপ্ট’মাইচিন, টেট্ৰাচাইক্লিন।

(iv) চিটা বা ভেকচিন (Vaccine): আমাৰ শৰীৰত কোনো ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ক্ষমতা (Antibodies) গঢ়ি তুলিবলৈ চিটা দিয়া হয়। চিটাত মৃত বা দুৰ্বল অণুজীৱ ব্যৱহাৰ কৰা হয়। এডৱাৰ্ড জেনাৰে 1798 চনত বসন্ত ৰোগৰ চিটা আৱিষ্কাৰ কৰিছিল।

(v) মাটিৰ উৰ্বৰতা বৃদ্ধি: কিছুমান বেক্টেৰিয়া আৰু নীল-হৰিৎ শেলাইয়ে বায়ুৰ পৰা নাইট্ৰ’জেন গেছ শোষণ কৰি মাটিত সংস্থাপিত কৰে, যাৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।

(vi) পৰিৱেশ পৰিষ্কাৰ কৰা: অণুজীৱই উদ্ভিদ আৰু প্ৰাণীৰ পঁচা আৱৰ্জনাবোৰ পচাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে।

কিণ্বন (Fermentation): চেনিক এলকহললৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া।

প্রতিজৈৱিক (Antibiotic) : এটা জীৱৰ দেহজাত যি পদার্থই আন এটা বা বহুতো জীৱৰ বৃদ্ধি ৰোধ কৰিব তথা ধ্বংস কৰিব পাৰে তাকেই প্রতিজৈৱিক (Antibiotic) বোলে।

ভেকচিনেচন বা টিকাকৰণ (Vaccination): ভেকচিন বা ছিটা বেজী নাইবা মুখেৰে (উদাহৰণস্বৰূপে: পলিঅ’ টোপাল) শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱা সমগ্ৰ প্ৰক্ৰিয়াটোক ভেকচিনেচন বা টিকাকৰণ বুলি কোৱা হয়।

শত্ৰু অণুজীৱ: অপকাৰী অণুজীৱ (Harmful Microorganisms)

যিবোৰ অণুজীৱই মানুহ, প্ৰাণী আৰু উদ্ভিদৰ দেহৰ ৰোগ সৃষ্টি কৰে, সিহঁতক বীজাণু বা ৰোগকাৰক (Pathogens) বোলে।

1. মানুহৰ দেহত হোৱা ৰোগ:

(i) সংক্ৰামক ৰোগ (Communicable Diseases): আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ বায়ু, পানী, খাদ্য বা শাৰীৰিক সংস্পৰ্শৰ দ্বাৰা বিয়পা ৰোগ। যেনে— কলেৰা, যক্ষ্মা (TB), চৰ্দি, আদি।

(ii) ৰোগৰ বাহক (Carriers): কিছুমান জীৱ-জন্তুৱে ৰোগৰ বীজাণু কঢ়িয়াই লৈ ফুৰে।

  • মাইকী এনোফিলিছ মহ: মেলেৰিয়া পৰজীৱীৰ (প্লাজম’ডিয়াম) বাহক।
  • মাইকী এডিস মহ: ডেংগু ভাইৰাছৰ বাহক।

2. উদ্ভিদৰ ৰোগ:

(i) চাইট্ৰাছ কেনকাৰ (Citrus Canker): বেক্টেৰিয়াৰ দ্বাৰা হয় (বায়ুৰ জৰিয়তে বিয়পে)।

(ii) ঘেঁহুৰ মামৰে ধৰা ৰোগ (Rust of Wheat): ভেঁকুৰৰ দ্বাৰা হয় (বায়ু আৰু বীজৰ জৰিয়তে বিয়পে)।

3. খাদ্য বিষাক্তকৰণ (Food Poisoning):

কেতিয়াবা অণুজীৱই আমাৰ খাদ্যবস্তুত বিষাক্ত পদাৰ্থ উৎপন্ন কৰে। তেনে খাদ্য খালে মানুহ অসুস্থ হৈ পৰিব পাৰে আৰু আনকি মৃত্যুও হ’ব পাৰে।

খাদ্য সংৰক্ষণ (Food Preservation)

খাদ্যবস্তু অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়:

(i) ৰাসায়নিক পদ্ধতি: ৰাসায়নিক পদাৰ্থ যেনে ভিনেগাৰ, ছ’ডিয়াম বেনজ’ৱেট আদি ব্যৱহাৰ কৰি খাদ্যবস্তু বেয়া নোহোৱাকৈ বহুদিন ৰাখিব পাৰি ।

(ii) নিমখৰ দ্বাৰা সংৰক্ষণ: মাছ, মাংস, আমলখি, আম আদি নিমখ দি বহুদিনলৈ ৰাখিব পাৰি।

(iii) চেনিৰ দ্বাৰা সংৰক্ষণ: জাম, জেলী আদিত চেনি ব্যৱহাৰ কৰিলে ই আৰ্দ্ৰতা কমায় আৰু বেক্টেৰিয়াৰ বংশবৃদ্ধি ৰোধ কৰে।

(iv) উত্তাপ আৰু শীতলীকৰণ পদ্ধতি:  পেষ্টাউৰাইমেচন (Pasteurization) – গাখীৰক প্ৰায় 90°C উষ্ণতাত 15 ৰ পৰা 30 চেকেণ্ড গৰম কৰি লগে লগে ঠাণ্ডা কৰি সংৰক্ষণ কৰা প্ৰক্ৰিয়াটোক পেষ্টাউৰাইমেচন বোলে। ইয়াৰ ফলত গাখীৰত থকা অণুজীৱ ধ্বংস হয়।

নাইট্ৰ’জেন চক্ৰ (Nitrogen Cycle)

যি প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ মুক্ত নাইট্ৰ’জেন গেছ বিভিন্ন ভৌতিক আৰু জৈৱিক ক্ৰিয়াৰ দ্বাৰা মাটিলৈ আহে আৰু মাটিৰ পৰা উদ্ভিদ হৈ প্ৰাণীৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত পুনৰ বায়ুমণ্ডললৈ ঘূৰি যায়, তাকে নাইট্ৰ’জেন চক্ৰ বোলে।

নাইট্ৰ’জেন চক্ৰৰ প্ৰধান পৰ্যায়সমূহ:

নাইট্ৰ’জেন চক্ৰটো প্ৰধানকৈ কেইটামান পৰ্যায়ত সম্পন্ন হয়:

1. নাইট্ৰ’জেন স্থিৰীকৰণ (Nitrogen Fixation)

বায়ুমণ্ডলৰ গেছীয় নাইট্ৰ’জেনক উদ্ভিদৰ ব্যৱহাৰোপযোগী নাইট্ৰ’জেন যৌগলৈ (যেনে- নাইট্ৰেট) ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক নাইট্ৰ’জেন স্থিৰীকৰণ বোলে। ই ঘাইকৈ দুটা উপায়েৰে হয়:

(i) জৈৱিক স্থিৰীকৰণ: মটৰমাহ, বুটমাহ আদি লেগুমিনাচ বা মাহজাতীয় উদ্ভিদৰ শিপাত থকা টেমুনা বা গুটিবোৰত ৰাইজ’বিয়াম (Rhizobium) নামৰ বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেন শোষণ কৰি মাটিত নাইট্ৰ’জেন যৌগ হিচাপে জমা কৰে। ইয়াৰ উপৰি কিছুমান নীল-সেউজ শেলাইও (Blue-green algae) এই কাৰ্যত সহায় কৰে।

(ii) বায়ুমণ্ডলীয় স্থিৰীকৰণ: আকাশত বিজুলী-ঢেৰেকনি মাৰিলে বায়ুমণ্ডলৰ নাইট্ৰ’জেন আৰু অক্সিজেন গেছ লগ হৈ নাইট্ৰিক অক্সাইড (NO) গঠন কৰে। বৰষুণৰ পানীৰ সৈতে এইবোৰ মাটিত মিহলি হৈ নাইট্ৰেট যৌগত পৰিণত হয়।

2. নাইট্ৰ’জেন গ্ৰহণ বা আত্মীকৰণ (Assimilation)

মাটিত থকা এই অজৈৱ নাইট্ৰ’জেন যৌগবোৰ উদ্ভিদৰ শিপাই পানীৰ সৈতে শুহি লয়। উদ্ভিদে ইয়াৰ সহায়ত উদ্ভিদ প্ৰ’টিন আৰু অন্যান্য জৈৱ যৌগ সংশ্লেষণ কৰে। যেতিয়া প্ৰাণী বা মানুহে এই উদ্ভিদবোৰ খাদ্য হিচাপে গ্ৰহণ কৰে, তেতিয়া এই নাইট্ৰ’জেন প্ৰাণীৰ দেহত প্ৰ’টিন হিচাপে জমা হয়।

3. ম’নিফিকেচন (Ammonification)

যেতিয়া উদ্ভিদ আৰু প্ৰাণীবোৰৰ মৃত্যু হয়, নাইবা সিহঁতে মল-মূত্ৰ ত্যাগ কৰে, তেতিয়া মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে সেই নাইট্ৰ’জেনযুক্ত বৰ্জ্য পদাৰ্থবোৰ ভাঙি এম’নিয়া (Ammonia) আৰু এম’নিয়াম যৌগলৈ ৰূপান্তৰ কৰে।

4. নাইট্ৰিফিকেচন (Nitrification)

মাটিত থকা কিছুমান বিশেষ বেক্টেৰিয়াই এই এম’নিয়া বা এম’নিয়াম যৌগমূলকক প্ৰথমে নাইট্ৰাইট আৰু পিছত নাইট্ৰেট যৌগলৈ পৰিৱৰ্তন কৰে। এই প্ৰক্ৰিয়াটোক নাইট্ৰিফিকেচন বোলে। এই নাইট্ৰেট উদ্ভিদে পুনৰ গ্ৰহণ কৰিব পাৰে।

5. ডিনাইট্ৰিফিকেচন (Denitrification)

মাটিত থকা কিছুমান বিশেষ বেক্টেৰিয়াই (যেনে- Pseudomonas) মাটিৰ নাইট্ৰেট যৌগৰ এটা অংশ পুনৰ গেছীয় নাইট্ৰ’জেনলৈ ৰূপান্তৰ কৰে। এই গেছীয় নাইট্ৰ’জেন পুনৰ বায়ুমণ্ডললৈ উৰি যায়। এই প্ৰক্ৰিয়াটোক ডিনাইট্ৰিফিকেচন বোলে।


অণুজীৱৰদ্বাৰা হোৱা মানুহৰ কেইবিধমান ৰোগ:

ৰোগৰোগ সৃষ্টিকাৰী অণুজীৱ
হাইজা (Cholera)বেক্টেৰিয়া
সান্নিপাত (Typhoid)বেক্টেৰিয়া
যক্ষ্মা বা ক্ষয়ৰোগবেক্টেৰিয়া
ঘোঁৰা-শলখাবেক্টেৰিয়া
নিউম ‘নিয়াবেক্টেৰিয়া
গ্রহণী (Desentery)প্রট’জ’ৱা
প্লেগবেক্টেৰিয়া
বসন্তভাইৰাছ
পিঠাখোৱা (Mumps)ভাইৰাছ
হেপাটাইটিছ-‘এ’ভাইৰাছ
মেলেৰিয়াপ্রট’জ’ৱা

অণুজীৱবদ্বাৰা হোৱা উদ্ভিদৰ কেইবিধমান ৰোগ

ৰোগৰোগ সৃষ্টিকাৰী অণুজীৱ
মটৰৰ ম’জেইক ৰোগভাইৰাছ
বিলাহীৰ পাতত কুঞ্চন ৰোগভাইৰাছ
ঘেঁহুৰ মামৰে ধৰা ৰোগভেঁকুৰ
ধানৰ ব্লাষ্ট ৰোগভেঁকুৰ
আলুৰ পচন ৰোগভেঁকুৰ
নেমুৰ কেঙ্কাৰ ৰোগবেক্টেৰিয়া
বিনৰ ব্লাইট ৰোগবেক্টেৰিয়া

অণুজীৱৰ দ্বাৰা হোৱা প্ৰাণীৰ কেইবিধমান ৰোগ:

ৰোগৰোগ সৃষ্টিকাৰী অণুজীৱ
গৰুৰ এনথ্রাক্স ৰোগবেক্টেৰিয়া
গৰুৰ মুখ আৰু ভৰিৰ চবকা বেমাৰভাইৰাছ
জলাতংক (Rabies)ভাইৰাছ

*টোকা:

  • 1676 চনত এণ্টন ভন লিউৱেনহুকে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল।
  • 1929 চনত আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিয়াম নটেটাম (Penicillium notatum) নামৰ ভেঁকুৰৰ পৰা পেনিচিলিন নামৰ এন্টিবায়টিক আৱিষ্কাৰ কৰিছিল।

1 thought on “SEBA Class 8 Science Chapter 2 Notes – অণুজীৱ: মিত্ৰ আৰু শত্ৰু”

Leave a Comment