In this article, we will provide notes on Class 9 General Science Chapter 1 in Assamese. This article will be very helpful to students belonging to the ASSEB. We have prepared Class 9 Science Chapter 1 Notes based on the latest exam pattern of the Assam Education Board. So, these notes for the class 9 science chapter “Matter in Our Surroundings (আমাৰ চাৰিওকাষৰ বস্তুবোৰ)” will help the students to get maximum marks in the exam.
ইয়াত নৱম শ্ৰেণীৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ পাঠটোৰ বাবে টোকা দিয়া হৈছে। এই টোকাটো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ প্ৰয়োজনীয়।

ASSEB Class 9 SCERT Science Chapter 1 Notes: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings)
পদাৰ্থ (Matter):
যিবোৰ বস্তুৰ ভৰ আৰু আয়তন দুয়োটাই আছে, সেইবোৰকে পদাৰ্থ বোলে।
যেনে: শিল, পানী আদি।
পদাৰ্থবোৰ ক্ষুদ্র ক্ষুদ্র কণিকাৰ দ্বাৰা গঠিত । এই ক্ষুদ্ৰ কণিকাবোৰক পৰমাণু বোলে।
পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য (Characteristics of Particles of Matter):
- ব্যৱধান: পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। এই ব্যৱধানক আন্তঃ আণৱিক ব্যৱধান বোলা হয়।
- গতি শক্তি: কণিকাবোৰে অনবৰতে গতি কৰি থাকে, যাৰ ফলস্বৰূপে সিহঁতৰ গতি শক্তি থাকে। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ আৰু গতিশক্তি বাঢ়ে।
- আকৰ্ষণ: পদাৰ্থৰ কণিকাবোৰে আন্তঃ আণৱিক বলৰ জৰিয়তে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে। এই আকৰ্ষণ বলক আন্তঃ আণৱিক আকৰ্ষণ বল বোলে। আকৰ্ষণ বল পদাৰ্থৰ প্ৰকাৰ সাপেক্ষে ভিন্ন হয়।
পদাৰ্থৰ ভৌতিক অৱস্থা (States of Matter):
পদাৰ্থৰ তিনিটা প্ৰধান ভৌতিক অৱস্থা হ’ল: গোটা (Solid), জুলীয়া (Liquid), আৰু গেছীয় (Gaseous)।
1) গোটা অৱস্থা (Solid State):
পদাৰ্থৰ এইটো অৱস্থা যাৰ নিৰ্দিষ্ট আকাৰ, স্পষ্ট পৰিসীমা আৰু আয়তন থাকে। ইহঁত দৃঢ় অৰ্থাৎ ইহঁতৰ আকৃতিৰ পৰিবৰ্তন নহয়।
যেনে: চকী, মেজ, ডাষ্টাৰ আদি।
2) জুলীয়া অৱস্থা (Liquid State):
পদাৰ্থৰ এই অৱস্থা যাৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে। ইহঁত দৃঢ় নহয়, বৈ যাব পাৰে। সেয়েহে ইহঁতক প্ৰবাহী বুলি কোৱা হয়।
যেনে: পানী, গাখীৰ আদি।
3) গেছীয় অৱস্থা (Gaseous State):
পদাৰ্থৰ এই অৱস্থা যাৰ নিৰ্দিষ্ট আয়তন বা নিৰ্দিষ্ট আকৃতি নাথাকে।
যেনে: বায়ু।
ইহঁতক বহুত বেছি সংকুচিত কৰিব পাৰি। উদাহৰণস্বৰূপে— LPG (Liquified Petroleum Gas), CNG (Compressed Natural Gas)
গোটা, জুলীয়া আৰু গেছীয় অৱস্থাৰ পাৰ্থক্য:
| ধৰ্ম | গোটা | জুলীয়া | গেছীয় |
|---|---|---|---|
| আকাৰ ও আয়তন | নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকে | নিৰ্দিষ্ট আয়তন আছে কিন্তু আকাৰ নাই | নিৰ্দিষ্ট আয়তন বা আকাৰ নাই |
| দৃঢ়তা | অতিশয় দৃঢ় | দৃঢ় নহয় (প্ৰবাহী) | দৃঢ় নহয় (প্ৰবাহী) |
| সংকোচনশীলতা | নগণ্য | সামান্য পৰিমাণে | অতিশয় বেছি |
| গতিশক্তি | কম | কঠিনতকৈ বেছি | সৰ্বাধিক |
| ঘনত্ব | অধিক | কম | অতি কম |
পদাৰ্থৰ অৱস্থাৰ পৰিবৰ্তন (Change of State):
পদাৰ্থৰ অৱস্থাৰ পৰিবৰ্তন দুই প্ৰকাৰে কৰিব পাৰি ।
- উষ্ণতা পৰিবৰ্তন কৰি
- চাপৰ তাৰতম্য ঘটাই
সাধাৰণতে কোনো এক পদাৰ্থত উষ্ণতা বঢ়ালে ই গোটাৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ পৰিবৰ্তিত হয় । ঠিক সেইদৰেই চাপ প্ৰয়োগ কৰিলে ই গেছীয়ৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা গোটা অৱস্থালৈ পৰিবৰ্তিত হয় ।
বিগলন বা গলন (Melting): গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ হোৱা পৰিবৰ্তনক বিগলন বা গলন বোলে।
উতলন বা বাষ্পীয়ভৱন (Boiling or Vapourisation): জুলীয়া বা তৰল পদাৰ্থৰ উতলাংক উষ্ণতাত সমগ্ৰ পদাৰ্থখিনি বাষ্পলৈ (বা গেছীয়লৈ) ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াক বাষ্পীয়ভৱন বোলে।
উৰ্ধপাতন (Sublimation): কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা পৰিবৰ্তনক উৰ্ধপাতন বোলে। তেনে পদাৰ্থৰ উদাহৰণ হ’ল – কপূৰ, নেফথেলিন আদি।
ঘনীভৱন (Condensation): গেছীয়ৰ পৰা তৰললৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াক ঘনীভৱন বোলে।
স্ফটিকীকৰণ (Solidification): তৰলৰ পৰা গোটালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াক স্ফটিকীকৰণ বোলে।
গলনাংক (Melting Point): যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া হয়, সেই উষ্ণতাক গলনাংক বোলে। বৰফৰ গলনাংক হ’ল 273.16 K (বা 0°C)।
উতলাংক (Boiling Point): যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে বা গেছীয়লৈ ৰূপান্তৰিত হয়, সেই উষ্ণতাক উতলাংক বোলে । । পানীৰ উতলাংক 100°C (373 K)।
বিগলনৰ লীন তাপ (Latent heat of fusion): এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে।
উষ্ণতাৰ একক পৰিবৰ্তন:
উষ্ণতাৰ SI একক হৈছে কেলভিন (K)। ইয়াৰ উপৰিও ব্যৱহৃত দুটা একক হৈছে চেলছিয়াছ (°C) আৰু ফাৰানহাইট (°F) ।
কেলভিন স্কেলৰ উষ্ণতাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰিবলৈ প্ৰদত্ত উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগিব।
°C = K – 273
চেলছিয়াছ স্কেলৰ উষ্ণতাক কেলভিন স্কেলত প্ৰকাশ কৰিবলৈ প্ৰদত্ত উষ্ণতাৰ সৈতে 273 যোগ কৰিব লাগিব।
K= °C + 273
বাষ্পীভৱন (Evaporation):
উতলাংকৰ তলৰ যিকোনো উষ্ণতাত জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা কাৰ্যক বাষ্পীভৱন বোলে।
বাষ্পীভৱনৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ (Factors affecting Evaporation):
- উষ্ণতা: উষ্ণতা বৃদ্ধি পালে কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় আৰু বাষ্পীভৱনৰ হাৰ বাঢ়ে।
- পৃষ্ঠকালি: তৰলৰ উপৰিভাগৰ কালি যিমানে বেছি হ’ব, বাষ্পীভৱন সিমানে দ্ৰুত হ’ব। সেইবাবে কাপতকৈ প্লেটত চাহ সোনকালে ঠাণ্ডা হয়।
- বতাহৰ বেগ: বতাহৰ বেগ বৃদ্ধি হ’লে বাষ্পীভৱনৰ হাৰ বাঢ়ে।
- আদ্ৰতা: বায়ুৰ আদ্ৰতা কম হ’লে বাষ্পীভৱন খৰতকীয়া হয়।
উতলন বা বাষ্পীয়ভৱন (Boiling or Vapourisation) আৰু বাষ্পীভৱনৰ (Evaporation) মাজৰ পাৰ্থক্য:
| বৈশিষ্ট্য | উতলন বা বাষ্পীয়ভৱন | বাষ্পীভৱন |
| সংজ্ঞা | তৰলৰ উতলাংক উষ্ণতাত সমগ্ৰ তৰলখিনি বাষ্পলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া। | উতলাংকতকৈ কম যিকোনো উষ্ণতাত তৰলৰ উপৰিভাগৰ পৰা বাষ্প হোৱা পৰিঘটনা। |
| উষ্ণতা | ই কেৱল এটা নিৰ্দিষ্ট উষ্ণতাত (উতলাংকত) ঘটে। যেনে : পানীৰ বাবে 100°C | ই যিকোনো উষ্ণতাত ঘটিব পাৰে। |
| স্থান | ই এটা সমষ্টিগত পৰিঘটনা (Bulk phenomenon), অৰ্থাৎ গোটেই তৰলখিনিৰ কণিকাবোৰ বাষ্পীভূত হয়। | ই এটা পৃষ্ঠীয় পৰিঘটনা (Surface phenomenon), অৰ্থাৎ কেৱল তৰলৰ উপৰিভাগৰ পৰা ঘটে। |
| প্ৰভাৱ | ইয়াৰ ফলত কোনো শীতলতাৰ সৃষ্টি নহয়। | ইয়াৰ ফলত চৌপাশ ঠাণ্ডা হয় (Cooling effect) । যেনে: মাটিৰ কলহৰ পানী ঠাণ্ডা হোৱা। |
| গতি | ই এক দ্ৰুত প্ৰক্ৰিয়া। | ই এক লেহেমীয়া প্ৰক্ৰিয়া। |
পদাৰ্থৰ অন্যান্য অৱস্থা: (ASSEB Class 9 Science Chapter 1 Notes)
প্লাজমা (Plasma): প্লাজমা হৈছে পদাৰ্থৰ চতুৰ্থ অৱস্থা। ইয়াৰ কণিকাবোৰ গেছীয় পদাৰ্থৰ এক আহিত অৱস্থা য’ত কণিকাবোৰ অতিৰিক্ত শক্তিযুক্ত আৰু উত্তেজিত অৱস্থাত থাকে। প্ৰতিপ্ৰভ বা ফ্লুৰ’চেণ্ট টিউব আৰু নিয়ন বাল্ব প্লাজমাৰে গঠিত। সূৰ্য বা গ্ৰহ-নক্ষত্ৰবোৰ প্লাজমাৰ বাবেই উজ্জ্বল দেখি। ১৯২৩ চনত আমেৰিকাৰ বিজ্ঞানী লেংমুৰ আৰু টংকেই প্লাজমাৰ নামকৰণ কৰিছিল।
বোস-আইনষ্টাইন কনডেনচেট (BEC): BEC হ’ল পদাৰ্থৰ পঞ্চম অৱস্থা। অতি কম ঘনত্বৰ গেছক অত্যন্ত কম উষ্ণতালৈ চেঁচা কৰিলে ই উৎপন্ন হয়। 2001 চনত এই গৱেষণাৰ বাবে আমেৰিকাৰ এৰিক এ কৰ্নেল, উলফগেং কেটাৰলি আৰু কাৰ্ল ই ৱাইমেনক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।
অধিক জানিবৰ বাবে:
* চেলছিয়াছ স্কেলৰ উষ্ণতাক ফাৰানহাইট স্কেলত প্ৰকাশ কৰিবলৈ তলৰ সূত্ৰটো প্ৰয়োগ কৰিব লাগিব ।
°F = (°C × 9/5) + 32
ঠিক একেদৰেই, ফাৰানহাইট স্কেলৰ উষ্ণতাক চেলছিয়াছ স্কেলত প্ৰকাশ কৰিবলৈ ব্যৱহৃত সূত্ৰটো হ’ল –
°C = (°F – 32) × 5/9
* মানুহৰ দেহৰ উষ্ণতা: 37°C বা 98.6 °F বা 310.15K