SEBA Class 10 Science Chapter 6 Notes : জীৱন প্রক্রিয়া

In this post, we have given a SEBA (ASSEB) class 10 science chapter 6 notes for Assamese medium students. Here we have prepared a note for the chapter “Life Process – জীৱন প্রক্রিয়া” which taken from the class 10 SCERT Science Assamese medium textbook. This note will help the students to gather maximum marks in their upcoming HSLC examination.

এই postটোত আমি বিজ্ঞান পাঠ্যপুথিৰ জীৱন প্ৰক্ৰিয়া (Life Process) অধ্যায়টোৰ সম্পূৰ্ণ টোকা দিয়া হৈছে। এই টোকাৰ সহায়ত তোমালোকে জীৱন প্ৰক্ৰিয়া পাঠটোৰ মূলভাৱৰ লগতে গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ সহজে বুজিবলৈ সহায় কৰিব। আশাকৰো তোমলোকে ভাল পাবা।

SEBA Class 10 Science Chapter 6 Notes (Assamese Medium) : জীৱন প্ৰক্ৰিয়া (Life Process)

The overview of the SEBA (ASSEB) class 10 science chapter 6 notes for Life process (জীৱন প্ৰক্ৰিয়া) chapter in Assamese medium are given below –

Class10
SubjectScience
Medium of NoteAssamese
Name of the Chapterজীৱন প্ৰক্ৰিয়া (Life Process)
Education BoardSEBA (ASSEB)
SEBA (ASSEB) Class 10 Science Chapter 6 Notes : জীৱন প্রক্রিয়া - Assamese Medium

এই পাঠটোত আমি শিকিবলগীয়া বিষয়বস্তু সমূহ মূলতে তলত দিয়া হৈছে –

  • জীৱন প্ৰক্ৰিয়া কি?
  • পৰিপুষ্টি আৰু ইয়াৰ প্ৰকাৰ
  • মানুহৰ পাচনতন্ত্র

জীৱন প্রক্রিয়া (Life Process) – Class 10 Science Chapter 6

জীৱন প্রক্রিয়া:

জীৱ জগতে সিহঁতৰ গঠন বা জীৱন ৰক্ষাৰ বাবে অব্যাহত ৰখা প্ৰক্ৰিয়াসমূহক জীৱন প্ৰক্ৰিয়া বোলে। উদাহৰণ -পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচনক্রিয়া আদি।

পৰিপুষ্টি:

দেহৰ বৃদ্ধি, বিকাশ আৰু অন্যান্য জীৱন প্ৰক্ৰিয়াৰ বাবে গ্ৰহণ কৰা খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়াক পৰিপুষ্টি বোলে।

সাধাৰণতে পৰিপুষ্টি দুই প্ৰকাৰৰ –

  • স্বপোষীয় পৰিপুষ্টি
  • পৰপোষীয় পৰিপুষ্টি

(i) স্বপোষীয় পৰিপুষ্টি:

স্বপোষীয় পৰিপুষ্টি এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত কিছুমান জীৱই (স্বপোষী জীৱই) বহিঃপৰিৱেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰৱ্যক পৰিবৰ্তন ঘটাই নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে।

স্বপোষী জীৱ: যি সমূহ জীৱয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে তেনেবোৰ জীৱক স্বপোষী জীৱ বোলে। উদাহৰণ – সেউজীয়া উদ্ভিদ, নীল-সেউজ শেলাই আৰু কিছুমান বেক্টেৰিয়া।

সালোক সংশ্লেষণ: সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বন ডাইঅক্সাইড আৰু পানীক কার্বহাইড্রেট, পানী আৰু অক্সিজেনলৈ পৰিৱৰ্তন কৰি নিজৰ খাদ্য প্ৰস্তুত কৰা জৈৱ-ৰাসায়নিক প্রক্রিয়াকে সালোক সংশ্লেষণ বোলে।

সালোক সংশ্লেষণ Diagram
সালোক সংশ্লেষণ (Photosynthesis Reaction) – Source: Gemini

সালোক সংশ্লেষণ প্রক্রিয়াত জড়িত পর্যায়সমূহ:

  1. পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ।
  2. পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন।
  3. পানীৰ অণুক হাইড্ৰ’জেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।
  4. কার্বন ডাই অক্সাইডক বিজাৰণৰ দ্বাৰা কার্বহাইড্রেট উৎপন্ন।

হৰিৎকণা: উদ্ভিদৰ পাতত থকা সেউজীয়া কোষ-অংগাণু য’ত পত্ৰহৰিৎবিলাক সিঁচৰিত হৈ থাকে।

পত্ৰৰন্ধ: পাতৰ উপৰিভাগত থকা নিচেই সৰু সৰু ৰন্ধ্ৰ যিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে গেছসমূহৰ আদান-প্রদান কৰে।

পত্ৰৰন্ধ
(a) পত্ৰৰন্ধ ছিদ্ৰৰ খোলা অৱস্থা (b) পত্ৰৰন্ধ ছিদ্ৰৰ বন্ধ অৱস্থা

ৰক্ষীকোষ: পত্ৰৰন্ধৰ ছিদ্র মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো নিয়ন্ত্ৰণ কৰা কোষসমূহক ৰক্ষীকোষ বোলে।

(ii) পৰপোষীয় পৰিপুষ্টি:

পৰপোষীয় পৰিপুষ্টি এনে এক প্রক্রিয়া য’ত কিছুমান জীৱই (পৰপোষী জীৱই) আন কিছুমান জীৱৰ ওপৰত নিৰ্ভৰ কৰি শক্তি আহৰণ কৰে।

পৰপোষী জীৱ: যি বোৰ জীৱই নিজৰ খাদ্যৰ বাবে প্রত্যক্ষ বা পৰোক্ষভাৱে অন্য স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰে, সেইসমূহক পৰপোষী জীৱ বোলে । উদাহৰণ – মানুহ, চৰাই আদি।

মৃতজীৱী জীৱ: যিবোৰ জীৱই মৃত আৰু পচনশীল জৈৱ পদাৰ্থৰ পৰা জৈৱিক পুষ্টি আহৰণ কৰে, সেইবোৰ জীৱক মৃতজীৱী জীৱ বোল। যেনে – শামুক, প্রট’য’ৱা, কেঁচু আদি।

পৰজীৱী জীৱ: কিছুমান জীৱই উদ্ভিদ বা প্রাণীক মাৰি নেপেলোৱাকৈয়ে সিহঁতৰ জীৱিত দেহৰ পৰা নিজৰ পৰিপুষ্টি আহৰণ কৰে, তেনেবোৰ জীৱক পৰজীৱী জীৱ বোলে। যেনে মহ, জোক, আকাশীলতা, চিকৰা, পেলু, ওকনি আদি।

এমিবাৰ পৰিপুষ্টি:

এমিবাই খাদ্যবস্তু ইয়াৰ কোষাবৰণৰ দ্বাৰা সংগ্ৰহ কৰে। কোষাবৰণখনৰ দ্বাৰা সৃষ্টি হোৱা আঙুলি সদৃশ সৰু অস্থায়ী প্রবর্দ্ধকসমূহ খাদ্যৰ দিশে অগ্ৰসৰ হয় যাক কূটপাদ বোলা হয় আৰু তাৰ চাৰিওফালে এক খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। খাদ্য ৰিক্তিকাৰ ভিতৰত পাচক উৎসেচকৰ সহায়ত জটিল খাদ্য বস্তুসমূহ সৰল অৱস্থালৈ ৰূপান্তৰিত হয়। এই সৰল খাদ্যভাগ কোষপ্ৰৰসত বিয়পি পৰে। যি সমূহ অপাচিত খাদ্যবস্তু থাকি যায়, সেইসমূহ কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গত হয়।

Food taking by Amoeba -
এমিবা দ্বাৰা খাদ্য গ্ৰহণ
মানুহৰ পাচনতন্ত্র:

মানুহৰ পাচন নলীডাল মুখগহ্বৰৰ পৰা পায়ুলৈ বিস্তৃত হৈ থাকে। পাচন নলীৰ বিভিন্ন অংশসমূহ হ’ল –

(i) মুখগহ্বৰ: মুখগহ্বৰৰ ভিতৰত দাঁতৰ দ্বাৰা খাদ্যভাগ গুড়ি হয় আৰু মুখগহ্বৰৰ বেৰত থকা লালটি গ্রন্থিয়ে নিঃসৰণ কৰা লালটিৰ সৈতে ভালদৰে মিহলি হৈ পিছল হয় যাতে খাদ্যবস্তুসমূহ পাচন নলীৰ পশ্চাৎ অংশলৈ মসৃনতাৰে গতি কৰিব পাৰে। জিভাৰ সহায়ত এই লালটি আৰু খাদ্যবস্তু মিহলি হয়। লালটিত লালটি এমাইলেজ নামৰ এবিধ উৎসেচক থাকে যিয়ে শ্বেতসাৰৰ জটিল অণুবোৰক ভাঙি সৰল চেনিৰ অণুলৈ পৰিৱৰ্তন কৰে।

(ii) খাদ্য নলী বা গ্রাসনলী: খাদ্যনলী হ’ল মুখৰ পৰা পাকস্থলী সংযোগী এডাল দীঘল নলী। মুখগহ্বৰৰ পৰা খাদ্য এই নলীডালৰ মাজেৰে পেৰিচটেলটিক নামৰ বিশেষ গতিৰে পাকস্থলীত প্ৰৱেশ কৰে।

(iii) পাকস্থলী: পাকস্থলীটো হ’ল এটা মোনা সদৃশ বৃহৎ পেশীযুক্ত অংগ যিটোৰ ভিতৰত খাদ্য প্ৰৱেশ কৰিলে ইয়াৰ প্ৰসাৰণ ঘটে। পাকস্থলীৰ বেৰত থকা পাকগ্ৰন্থিৰ দ্বাৰা নিঃসৰণ কৰা পাচক ৰসত বহুবোৰ উৎসেচক থাকে। এইবোৰ হ’ল –

  • (a) হাইড্ৰ’ক্লৰিক এছিড: ই আম্লিক প্রকৃতিৰ যিয়ে খাদ্যবস্তুসমূহৰ লগত মিহলি হৈ বীজাণুসমূহ ধ্বংস কৰে আৰু পেপচিন নামৰ উৎসেচক বিধৰ কাৰ্য তীব্ৰ কৰি তোলে।
  • (b) পেপচিন: এই উৎসেচকবিধে প্র’টিনসমূহ পাচনত সহায় কৰে।
  • (c) শ্লেষ্মা: খাদ্যৰ অনুপস্থিতিত ই হাইড্ৰ’ক্লৰিক এছিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ বেৰখনৰ অন্তঃআৱৰণখনক সুৰক্ষা দিয়ে। পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য আগলৈ স্কিনক্টাৰ পেশীৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ প্ৰেৰণ কৰে।

(iv) ক্ষুদ্রান্ত: ই হ’ল দীঘল আৰু অধিকভাৱে পাক খাই থকা নলী। ইয়াত অগ্নাশয়ে নিঃসৰণ কৰা উৎসেচকসমূহ আৰু যকৃতে নিঃসৰণ কৰা পিত্তৰসৰ সহায়ত কার্বহাইড্রেট, প্ৰ’টিন আৰু চৰ্বীসমূহ সম্পূর্ণভাৱে পাচন হয়। এইবোৰৰ ক্ৰিয়াসমূহ হ’ল –

  • (a) পিত্তৰস: পিত্তৰস যকৃতে নিঃসৰণ কৰে। এই উৎসেচকে পাকস্থলীৰ পৰা অহা খাদ্যৰ আম্লিক মাধ্যমক ক্ষাৰকীয় মাধ্যমলৈ ৰূপান্তৰ কৰে যাতে অগ্নাশয় উৎসেচক আৰু আন্ত্ৰিক ৰসবোৰে ক্ৰিয়া সম্পন্ন কৰিব পাৰে। পিত্ত লৱণে বৃহৎ খণ্ডযুক্ত চৰ্বীৰ অণুক ভাঙি সৰু সৰু অণুলৈ পৰিৱৰ্তন কৰে যাতে এইবোৰৰ ওপৰত উৎসেচকসমূহে ভালদৰে ক্ৰিয়া কৰিব পাৰে।
  • (b) অগ্নাশয় উৎসেচক: এই উৎসেচক সমূহ অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰে। এইসমূহ হ’ল –
    • ট্রিপচিন: ট্রিপচিনে প্র’টিনসমূহ পাচনত সহায় কৰে।
    • লাইপেজ: লাইপেজে সৰলীকৃত চৰ্বীসমূহক পাচন কৰে।
  • (c) ক্ষুদ্রান্ত ৰস: ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু সৰু গ্রন্থিসমূহৰ দ্বাৰা নিঃসৰণ হোৱা উৎসেচক বোৰক আন্ত্ৰিক ৰস বোলে যিবোৰে অৱশিষ্ট প্র’টিনক এমিন’এছিড, জটিল শৰ্কৰাসমূহক সৰল গ্লুক’জলৈ আৰু চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়।

ক্ষুদ্রান্ত বেৰত ভিলাই বুলি কোৱা নিযুত নিযুত আঙুলি সদৃশ সৰু সৰু প্ৰবৰ্দ্ধক থাকে যিয়ে পাচিত খাদ্য শোষণৰ বাবে অধিকতম পৃষ্ঠকালি যোগান ধৰে। ভিলাইবোৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত হৈ থাকে। ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাৎ অংশ বৃহদান্ত্ৰত প্ৰৱেশ কৰে।

(v) বৃহদান্ত্র: ইয়াত থকা ভিলাইবোৰৰ সহায়ত পাচিত খাদ্যৰ পৰা পানীভাগ শোষণ কৰি লোৱা হয়।

(vi) পায়ু: অপাচিত পদাৰ্থসমূহ পায়ুৰ দ্বাৰা দেহৰ পৰা মল হিচাপে বাহিৰ কৰি দিয়া হয়। এই বর্জন প্রক্রিয়াটো স্ফিনক্টাৰ পেশীবোৰে নিয়ন্ত্ৰণ কৰে।

মানুহৰ পাচনতন্ত্র - class 10 science chapter 6 notes
মানুহৰ পাচনতন্ত্র

শ্বসন: SEBA Science Chapter 6 Notes (Class 10)

কোষসমূহৰ প্ৰয়োজনসমূহ পূৰণৰ নিমিত্তে শক্তি আহৰণ কৰিবলৈ আহাৰৰ বিভংগনৰ বাবে পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰা প্ৰক্রিয়াক শ্বসন বোলে।

বা

শ্বসন হৈছে এনে এক প্রক্রিয়া য’ত কোষে তাৰ লাগতিয়াল শক্তি উৎপাদনৰ বাবে পৰিৱেশৰ পৰা আহৰণ কৰা অক্সিজেন ব্যৱহাৰ কৰি খাদ্যৰ জাৰণ ঘটাই শক্তি, কার্বনডাই অক্সাইড আৰু পানী উৎপন্ন কৰে।

কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জৰ জাৰণ সংঘটিত কৰে। পোনপ্ৰথমে কোষৰ কোষপ্ৰৰসত ছটা কার্বনযুক্ত গ্লুক’জ অণু ভাঙি তিনিটা কার্বনযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হয়। এই পাইৰুভেত অণুৰ বিযোজন তিনিধৰণে সংঘটিত হ’ব পাৰে –

(i) অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন:

কিছুমান এককোষী জীৱৰ শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, য’ত তিনিটা কার্বন অণুযুক্ত পাইৰুভেত অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই-অক্সাইড উৎপন্ন হোৱাৰ লগতে শক্তি উৎপন্ন হয়। এনেধৰণৰ শ্বসনক অবাত শ্বসন বোলে। এই প্রক্রিয়াটো ইষ্টৰ কিন্বনৰ সময়ত সংঘটিত হয়।

(iii) কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত হোৱা শ্বসন:

আমাৰ পেশী কোষসমূহত কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত পাইৰুভেত অণু ভাঙি তিনিটা কার্বন অণুযুক্ত লেকটিক এছিড আৰু শক্তি উৎপন্ন হয়।

মানুহৰ শ্বসন প্রক্রিয়া:

মানুহে নাসাৰন্ধ্ৰৰে বায়ু দেহৰ ভিতৰলৈ সেৱন কৰে। নাকত থকা সৰু সৰু নোম আৰু শ্লেষ্মাই ইয়াত বায়ু ছেকী লয়। নাকৰ পৰা বায়ু বায়ুনলীকা বা শ্বাসনলীত প্ৰৱেশ কৰে। শ্বাসনলীকা ডাল কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে যিয়ে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে যাতে চেপেতা খাই লাগি নধৰে সেইটো সুনিশ্চিত কৰে। শ্বাসনলীৰে বায়ু হাওঁফাওঁত প্ৰৱেশ কৰে য’ত নলীডাল কিছুমান সৰু সৰু শাখাত বিভক্ত হৈ অৱশেষত বায়ুকোষ বুলি কোৱা সৰু বেলুন সদৃশ অংগত সমাপ্ত হৈছে। প্রতিটো হাওঁফাওঁতে নিযুত নিযুত বায়ুকোষ থাকে যিবোৰ হ’ল গেছসমূহৰ বিনিময় স্থলী। বায়ুকোষৰ বেৰসমূহত অসংখ্য ৰক্তকেশিকাই জালিকা গঠন কৰে যিবোৰে গেছসমূহৰ বিনিময়ত সহায় কৰে। আমি উশাহ লওঁতে বায়ু ভিতৰলৈ শোহি লওঁ আৰু হাওঁফাওঁটো বিস্তৃত হৈ পৰে। বায়ুকোষবোৰত বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। বায়ুকোষৰ বেৰসমূহত তেজৰ পৰা কাৰ্বন ডাই-অক্সাইড শোষণ কৰে আৰু ইয়াত থকা অক্সিজেন তেজত এৰি দিয়ে। এই অক্সিজেন তেজে দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে। তেজৰ লোহিত ৰক্ত কণিকাত পোৱা হিম’গ্ল’বিন নামৰ ৰঞ্জক পদাৰ্থবিধে দেহৰ বিভিন্ন কোষবোৰলৈ অক্সিজেন বিতৰণ কৰে। যেতিয়া আমি উশাহ এৰি দিওঁ বা নিশাহ লওঁ হাওঁফাওঁটো সংকুচিত হৈ বায়ুমোনাৰ পৰা কাৰ্বন ডাই-অক্সাইড সমৃদ্ধ বায়ু নির্গত হয়।

মানুহৰ শ্বসন প্রক্রিয়া
মানুহৰ শ্বসন প্রক্রিয়া

Class 10 Science Chapter 6 Extra Questions

Q. মানুহৰ শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াত মধ্যচ্ছদাৰ কাৰ্য বৰ্ণনা কৰা।

উঃ হাঁওফাঁওৰ শ্বাস-প্রশ্বাস ব্যৱস্থা মধ্যচ্ছদা আৰু কামিহাড় সংযোগী পেশীসমূহৰ দ্বাৰা নিয়ন্ত্রিত হয়। মধ্যচ্ছদা হ’ল পাতল পর্দা বা ছাল যিয়ে বক্ষগহ্বৰক উদৰীয়গহ্বৰৰ পৰা পৃথক কৰে। যেতিয়া মধাচ্ছদাখন নিম্নগামী হয় হাওঁফাওঁ বিস্তাৰিত হৈ পৰে, বায়ু উশাহত ভিতৰলৈ আহে, আৰু যেতিয়া মধাচ্ছদাখন উর্ধ্বগামী হয় হাওঁফাওঁ সংকুচিত হৈ নিশাহত বায়ু বাহিৰলৈ ওলাই যায়।

Q. হাওঁফাওঁৰ পৰা কলাবোৰলৈ অক্সিজেনৰ পৰিবহণত হিম’গ্লবিনে কেনেদৰে সহায় কৰে?

উঃ যেতিয়া বায়ুকোষৰ পৰা অক্সিজেন ৰক্ত কেশিকাত প্ৰৱেশ কৰে লোহিত ৰক্ত কণিকাত থকা হিমগ্ল’বিন নামৰ শ্বাসৰঞ্জকে অক্সিজেনৰ লগত মিলিত হৈ অক্সিহিম’গ্ল’বিন নামৰ এক অস্থিৰ যৌগ উৎপন্ন কৰে। তেজে দেহৰ বিভিন্ন কোষলৈ অক্সিহিম’গ্ল’বিন হিচাপে অক্সিজেন বহন কৰে। অক্সিহিম’গ্লবিন কোষত উপনীত হোৱাৰ লগে লগে এই যৌগটো পুনৰ ভাঙি অক্সিজেন আৰু হিম’গ্লবিনত পৰিণত হয় আৰু ব্যাপন প্ৰক্ৰিয়াৰে কোষসমূহৰ ভিতৰত অক্সিজেন প্ৰৱেশ কৰে।

পৰিবহন (Transportation):

পৰিবহন হৈছে এনে এক জীৱন প্রক্রিয়া য’ত দেহৰ প্ৰয়োজনীয় বস্তুসমূহ এটা অংশৰ পৰা আন এটা অংশলৈ অনা নিয়াত সহায় কৰে।

মানুহৰ পৰিবহনতন্ত্র:

দেহৰ বিভিন্ন অংশসমূহলৈ খাদ্য আৰু অক্সিজেন যোগান ধৰিবলৈ আৰু বিভিন্ন বিপাকীয় কাৰ্যকলাপৰ সময়ত উপজাত অন্যান্য বর্জিত পদার্থসমূহ আৰু কার্বন ডাইঅক্সাইড সংগ্ৰহ কৰিবলৈ মানুহৰ এক নিৰ্দিষ্ট পৰিবহণ বা সংবহন তন্ত্র আছে। মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হৈছে –

(i) ৰক্ত বা তেজ: তেজ হৈছে এবিধ সংযোজক কলা। ই প্লাজমা বুলি কোৱা এবিধ তৰল মাধ্যমেৰে গঠিত যিয়ে দ্ৰৱীভূত খাদ্যবস্তু, কার্বনডাই-অক্সাইড আৰু নাইট্ৰ’জেন জাতীয় বর্জিত পদাৰ্থবোৰ পৰিবহণ কৰে। প্লাজমাত ৰক্তকোষবোৰ উপঙি থাকে। তেজৰ লোহিত ৰক্ত কণিকাত থকা হিম’গ্লবিনে দেহৰ সকলো অংশলৈ অক্সিজেন পৰিবহণ কৰে। তেজে লৱনৰ দৰে অন্য বহুতো পদাৰ্থও পৰিবহণ কৰে।

(ii) ৰক্ত নলীকা: ৰক্ত নলীকা বুলি কোৱা আৱদ্ধ নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্রবাহিত হয়। ৰক্ত নলীকাসমূহক ধমনী আৰু সিৰা হিচাপে শ্ৰেণীবিভাজন কৰা হৈছে। ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে আৰু সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ সংগ্ৰহ কৰি পুনৰ হৃদযন্ত্ৰলৈ উভতাই আনে। ৰক্তনলীকাবোৰ কোনো এটা অংগত বা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ হৈ সৰু সৰু নলীকা সৃষ্টি কৰি প্ৰতিটো কোষক স্পর্শ কৰে। সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বোলে। এতিয়া তেজ আৰু ৰক্তজালিকাৰ পাতল বেৰৰ মাজত পদাৰ্থৰ বিনিময় ঘটে। এই ৰক্তজালিকাবোৰ পুনৰ লগ লাগি সিৰা গঠন হয়।

(iii) হৃদযন্ত্র: হৃদযন্ত্র হৈছে হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ যিয়ে দেহৰ সমগ্ৰ অংশতে অক্সিজেনযুক্ত তেজ পাম্প কৰে, যাৰ দ্বাৰা তেজত থকা বিভিন্ন পদার্থসমূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয়।

(iv) লসিকা: তেজ সংবহন তন্ত্ৰৰ দৰেই লসিকাও এক প্ৰকাৰৰ সংবহন তন্ত্ৰ। ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা, প্ৰ’টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লসিকা বোলে। লসিকাবোৰ বৰণহীন আৰু ইয়াত প্ৰ’টিনৰ পৰিমাণ কম থাকে। আন্তঃকোষীয় স্থানৰ পৰা লসিকাবোৰ কেশিকাবোৰত মুকলি হয়। লসিকা কেশিকাবোৰৰ পৰা লসিকা নলীকা গঠন হয় আৰু ইয়াৰ পৰা ডাঙৰ ডাঙৰ সিৰা গঠিত হয়। লসিকাই পাচিত আৰু শোষিত চৰ্বীসমূহ অন্ত্ৰৰ পৰা স্থানান্তৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহিঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে।

হৃদযন্ত্ৰ:

অবিৰতভাৱে সংকোচন আৰু বিস্তাৰণৰ সক্ষমতা থকা হৃদপেশীৰে গঠিত এটা ৰক্ত সঞ্চালন অংগ। ইয়াত অক্সিজেনযুক্ত তেজক কার্বন-ডাইঅক্সাইডযুক্ত তেজৰ সৈতে মিহলি হোৱাৰ পৰা প্ৰতিৰোধ কৰিবলৈ চাৰিটা কোঠালি থাকে।

হৃদযন্ত্ৰৰ গঠন:

আনুভূমিকভাৱে, হৃদযন্ত্ৰটো দুটা প্রধানঅংশত বিভক্ত হৈছে –

(i) অলিন্দ: ই হ’ল হৃদযন্ত্ৰৰ উৰ্ধভাগৰ বহল অংশ।

(ii) নিলয়: ই হৈছে হৃদযন্ত্ৰৰ পশ্চাৎ দিশত থকা শংকু আকৃতিৰ অংশ। ইয়াৰ বেৰখন অলিন্দৰ বেৰৰ তুলনাত অধিক ডাঠ হয়।

অনুদৈর্ঘ্যভাৱে হৃদযন্ত্ৰটো এখন ডাঠ বেৰৰ দ্বাৰা সোঁ আৰু বাঁও দুটা অংশত বিভক্ত হৈছে। প্রতিটো ভাগৰ উৰ্ধাংশ আৰু নিম্নাংশত ক্রমে একোটাকৈ অলিন্দ আৰু নিলয়ৰ কোঠালি থাকে। এইদৰে, হৃদযন্ত্ৰটোৰ চাৰিটা কোঠালি হ’ল:

  1. সোঁ অলিন্দ
  2. সোঁ নিলয়,
  3. বাঁও অলিন্দ
  4. বাঁও নিলয়

তেজৰ উভতনি সোঁত প্ৰতিৰোধ কৰিবৰ বাবে অলিন্দ আৰু নিলয়ৰ মাজত কপাট থাকে।

হৃদযন্ত্ৰ
মানুহৰ হৃদযন্ত্ৰ

মানুহৰ দেহত সংঘটিত দ্বৈত পৰিবহন তন্ত্র:

মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূর্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয়। মানুহৰ দেহত হাওঁফাওঁৰ পৰা ক্লোমসিৰাৰ দ্বাৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাওঁ কোঠালীত আহি পৰেহি যাৰ নাম বাওঁ অলিন্দ। বাওঁ অলিন্দই তেজ সংগ্রহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশ অর্থাৎ বাওঁ নিলয়লৈ পঠিয়াই দিয়ে। ইয়াৰ পৰা তেজসমূহ মহাধমনীৰে ওলাই দেহৰ বিভিন্ন অংশত অক্সিজেন যোগান ধৰে। দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ মহাসিৰাৰ দ্বাৰাই হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য’ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁলৈ যায় য’ত তেজসমূহ অক্সিজেনযুক্ত হয়। এই সম্পূর্ণ চক্রটোত তেজসমূহ হৃদযন্ত্ৰ মাজেৰে দুবাৰ পৰিবাহিত হয়।

Diagram: Double circulation

দ্বৈত পৰিবহণৰ প্ৰয়োজনীয়তা:

(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চত কৰে, যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্য নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্রয়োজনীয়।

(ii) দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা।

প্লাজমা: তেজত থকা এবিধ তৰল মাধ্যম যিয়ে দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কার্বন ডাইঅক্সাইড আৰু নাইট্র’জেন জাতীয় বৰ্জিত পদাৰ্থসমূহৰ পৰিবহণত সহায় কৰে।

ৰক্তজালিকা: ৰক্তজালিকা হ’ল জীৱদেহৰ বিভিন্ন অংগ আৰু কলাসমূহত পোৱা এককোষী আৰু আৱৰণযুক্ত সকলোতকৈ সৰু ৰক্ত নলীকাসমূহ যাৰ বেৰৰ মাজেৰে পদাৰ্থৰ বিনিয়ম ঘটে।

ধমনী: হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ পৰিবহণ কৰা ডাঠ আৰু স্থিতিস্থাপক বেৰৰ ৰক্ত নলীকা।

মহাধমনী: হৃদযন্ত্ৰৰ পৰা দেহলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া মানুহৰ দেহৰ প্ৰধান ধমনী।

সিৰা: দেহৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্রলৈ তেজ পৰিবহণ কৰা ৰক্ত নলীকা।

মহাসিৰা: দেহৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনবিহীন তেজ পৰিবহণ কৰা প্ৰধান ৰক্ত নলীকা।

অনুচক্রিকা: অনুচক্রিকা হ’ল আঘাতপ্রাপ্ত স্থানৰ তেজ গোট মৰাত সহায় কৰা কোষকেন্দ্রবিহীন ৰক্তকোষ।

লসিকা: ৰক্ত কেশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্র’টিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ আন্তঃকোষীয় স্থানত বৰণহীন তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লসিকা বোলে

লসিকা পৰিবহণ তন্ত্র:

লসিকা, লসিকা নলী আৰু লসিকা গ্রন্থিৰে গঠিত এক সংবহন ব্যৱস্থা যি দেহৰ আন্তঃকোষীয় স্থানৰ পৰা লাসিকাবোৰ ৰক্ত সংবহন তন্ত্রলৈ উভতাই আনে। ই হ’ল দেহৰ সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থাৰ এটা মুখ্য অংশ।

ৰক্তচাপ: তেজে ৰক্তনলীকাৰ বেৰৰ বিপৰীতে প্ৰয়োগ কৰা শক্তিক ৰক্তচাপ বোলে।

চিষ্টলিক চাপ: নিলয় সংকোচনৰ সময়ত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপ চিষ্টলিক চাপ বোলে।

ডায়েষ্ট’লিক চাপ: নিলয়ৰ শিথিল অৱস্থাত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপক ডায়েষ্ট’লিক চাপ বোলে।

* পাৰাস্তম্ভত চিষ্টলিক চাপৰ মাত্ৰা 120 mm আৰু ডায়েষ্ট’লিক চাপৰ মাত্রা 80mm I
* ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম ‘স্কাইগম’মেন’মিটাৰ’।


উদ্ভিদৰ পৰিবহনতন্ত্র:

 উচ্চখাপৰ উদ্ভিদসমূহত এক বিশেষ প্ৰকাৰৰ পৰিবহন তন্ত্ৰ থাকে যাৰ দ্বাৰা পানী, খনিজলৱণ, খাদ্য এটা অংশৰ পৰা আন এটা অংশলৈ অনা নিয়া কৰিব পাৰে। এই তন্ত্ৰ সাধাৰণতে দুই প্ৰকাৰৰ কলাৰ দ্বাৰা গঠিত:

(i) জাইলেম: জাইলেম কলা ট্রেকাইড, নলীকা, জাইলেম পেৰেনকাইমা আৰু কাষ্টতন্তৰ দ্বাৰা গঠিত। জাইলেম কলাই শিপাৰ জৰিয়তে মাটিৰ পৰা আহৰণ কৰা পানী আৰু অন্য খনিজ লৱন উদ্ভিদৰ বিভিন্ন অংশলৈ ওপৰৰ দিশে সংবহন কৰাত সহায় কৰে। জাইলেম কলাই কাৰ্য সমাধা কৰে নলিকা আৰু ট্ৰেকাইড নামৰ মৃত কলাসমূহৰ যোগেদি।

(ii) ফ্ল’ৱেম: ফ্ল’ৱেমে খাদ্যৰ পৰিবহণ বা স্থানান্তৰণ কাৰ্য সমাধা কৰে। অৰ্থাৎ সালোক সংশ্লেষণত উৎপাদিত দ্রব্য, এমিন’ এছিড আৰু অন্যান্য পদার্থ কিছুমান পাতৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ বা স্থানান্তৰণ কৰে। ই চালনী নলীকা, সংগী কোষ, ফ্ল’ৱেম পেৰেনকাইমা আৰু ফ্লু’ৱেম তন্ত্ৰৰ দ্বাৰা গঠিত।

উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ:  

উদ্ভিদৰ দেহত জাইলেম নামৰ সংবহন কলাৰ দ্বাৰা পানী আৰু খনিজ লৱণসমূহ পৰিবহণ হয়। মাটিৰ লগত স্পৰ্শ কৰি থকা শিপাৰ কোষবোৰে সক্রিয়ভাৱে মাটিৰ পৰা পানীত দ্ৰৱীভূত খনিজলৱণ বা আয়ন ব্যাপন প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়েহে, এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত, শিপাৰ জাইলেমলৈ নিয়মিয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মিয়াকৈ ওপৰলৈ ঠেলি থাকে। ইয়াৰ উপৰিও বাষ্পমোচন প্ৰক্ৰিয়াৰ সহায়তো পানী আৰু খনিজলৱণৰ পৰিবহণ ঘটে। পাতৰ কোষবোৰে পানীৰ অণুবিলাক বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বলৰ সৃষ্টি হয় আৰু ইয়াৰ বাবেও শিপাত থকা জাইলেমে পানী শোষণ কৰিবলৈ বাধ্য হয় আৰু এনেদৰেই পানী আৰু খনিজ লৱণৰ পৰিবহণ ঘটে।

বাষ্পমোচন:

উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটো কে পত্রমোচন বা বাষ্পমোচন বোলে।

বাষ্পমোচনৰ ভূমিকা:

  • উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ উলিয়াই দিয়ে।
  • ই তাপমাত্রা নিয়ন্ত্ৰণ কৰি ৰখাতো সহায় কৰে।
  • বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ কৰা আৰু শিপাৰ পৰা পাতলৈ উর্ধমুখী গতি লাভ কৰাত সহায় কৰে।

উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ:

সংবহন কলা ফ্ল’ৱেমৰ যোগেদি পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ খাদ্যৰ সংক্ৰমণ ঘটে। ইয়াক খাদ্য সংক্রমণ বা স্থানান্তৰণ বুলি কোৱা হয়। এই কার্যটো চালনি নলীকা আৰু সংগী কোষৰ দ্বাৰা সমাধা হয়। খাদ্যসমূহৰ এই ধৰণৰ পৰিবহণ উর্ধমুখী আৰু নিম্নমুখী দুয়োটা দিশতে সংঘটিত হয়। এই প্রক্রিয়াটোত প্রয়োজন হোৱা শক্তিৰ যোগান ধৰে এ টি পিয়ে। এই শক্তি ব্যৱহাৰৰ দ্বাৰা খাদ্য দ্ৰৱ্যসমূহ ফ্ল’ৱেম কলালৈ স্থানান্তৰিত হয়। ইয়াৰ ফলস্বৰূপে, ফ্ল’ৱেমৰ আসৃতি চাপ বৃদ্ধি হয় আৰু পানীয়ে তাৰ ভিতৰত গতি কৰে। এই চাপৰ সহায়তে পদার্থবিলাক কম চাপযুক্ত ফ্ল’ৱেম কলাত প্রবেশ কৰে। ফলস্বৰূপে উদ্ভিদ দেহৰ আৱশ্যকীয় অঞ্চললৈ ফ্ল’ৱেম কলাই খাদ্যৰ সংক্ৰমণ ঘটায়।

খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণ:

সমগ্ৰ উদ্ভিদ দেহৰ মাজেৰে সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থসমূহৰ পৰিবহণ হোৱাকে খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণ বোলে।


ৰেচন (Excretion):

জীৱৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা উপজাত অপ্ৰয়োজনীয় পদাৰ্থসমূহ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন বোলে।

​মানুহৰ ৰেচন তন্ত্ৰ:

মানুহৰ ৰেচন তন্ত্ৰটো প্ৰধানকৈ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। বৃক্কত উৎপন্ন হোৱা মূত্ৰ মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয়। আৰু মূত্ৰনলীৰ পৰা নিৰ্দিষ্ট সময়ে সময়ে মূত্ৰ নিষ্কাশন নলীয়েদি দেহৰ পৰা বাহিৰ কৰি দিয়ে।

মানুহৰ ৰেচন তন্ত্ৰ

নেফ্ৰন:

নেফ্ৰন হ’ল বৃক্কৰ প্ৰাথমিক কাৰ্যকৰী একক। প্ৰতিটো বৃক্কত একৰ পৰা দুই নিযুত নেফ্ৰন থাকে।

​নেফ্ৰনৰ গঠন:

নেফ্ৰন এটা কাপ সদৃশ নলিকাৰ দ্বাৰা গঠিত। এই কাপ সদৃশ অংশটোক ব’মানচ্ কেপচুল বোলে। নেফ্ৰন এটা ব’মানচ্ কেপচুলৰ পৰা আৰম্ভ হৈ বৃক্কীয় নলিকাত বিভাজিত হৈছে। বৃক্কীয় নলিকাডাল এডাল অতিশয় কুণ্ডলীকৃত অংশ, ‘U’ আকৃতিৰ হেনলী লুপ আৰু সংগ্ৰাহক নলীকাৰে গঠিত দীঘলীয়া নলিকা যি মূত্ৰবাহী নলীত সোমাইছেগৈ।

​নেফ্ৰনৰ গঠন - Class 10 seba science notes chapter 6
​নেফ্ৰনৰ গঠন

নেফ্ৰনৰ কাৰ্য:

ব’মানচ্ কেপচুলে গ্ল’মেৰুলাছৰ পৰা পৰিস্ৰাৱন হোৱা মূত্ৰ লাভ কৰে। এইদৰে কুণ্ডলীকৃত নলিকাৰ মাজেৰে মূত্ৰ প্ৰবাহিত হওঁতে পানী, গ্লুক’জ, এমিন’ এচিড আৰু লৱণৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থসমূহ পুনৰ শোষিত হয়। তাৰপিছত সকলো সংগ্ৰাহক নলীকাৰ লগ হৈ গঠন কৰা এডাল শকত সংগ্ৰাহক নলীত মূত্ৰবোৰ প্ৰৱেশ কৰে যিয়ে এইবোৰ মূত্ৰবাহী নলীলে কঢ়িয়াই নিয়ে।

​উদ্ভিদৰ ৰেচন ক্ৰিয়া:

উদ্ভিদে ৰেচন ক্ৰিয়াত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থসমূহ তলত দিয়া ধৰণে নিষ্কাশন কৰে —

​(i) বাষ্পমোচন: উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰৰ মাজেৰে উলিয়াই দিয়ে।

(ii) উদ্ভিদে কোষৰ ৰসধানীসমূহত বৰ্জিত পদাৰ্থসমূহ ৰেজিন বা আঠা হিচাপে সঞ্চিত কৰে। পৰৱৰ্তী সময়ত সেইবোৰ দেহৰ পৰা উলিয়াই দিয়ে।

​(iii) উদ্ভিদে কিছুমান বৰ্জিত পদাৰ্থ উদ্ভিদৰ বাকলি, পাত আদিত সঞ্চিত কৰি ৰাখে আৰু সেইবোৰ অজীৰ্ণ হৈ পৰিলে উদ্ভিদদেহৰ পৰা বিচ্ছিন্ন হৈ পৰে।

(iv) উদ্ভিদে সিহঁতৰ চাৰিওফালে থকা মাটিত শিপাৰ দ্বাৰা কিছুমান বৰ্জিত পদাৰ্থ এৰি দিয়ে।

(v) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন আৰু শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাজেৰে উলিয়াই দিয়ে।

Leave a Comment